দেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিক লৈ বিশিষ্ট অৰ্থনীতিবিদ আৰু হাভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক অমৰ্ত্য সেনে উদ্বিগ্নতা প্ৰকাশ কৰিছে । নিজৰ নামৰ আধাৰত স্থাপিত হোৱা “অৰ্মত্য সেন ৰিচাৰ্ছ চেন্টাৰ”ৰ উদ্বোধনী অনুষ্ঠানত তেখেতে কয় , “গোটেই দেশতে ধৰ্মীয় মেৰুকৰণ আৰু বিভাজন চলি আছে। আৰু এই অভিযোগ অমূলক নহয় । স্কুলীয়া ছাত্ৰ-ছাত্ৰী ৰবীন্দ্ৰনাথ, নজৰুল, কবীৰ, তুলসীদাসৰ পথৰ পৰাও আমি লাহে লাহে আঁতৰি আহিছো।”
শৈশৱৰ কিছু স্মৃতিচাৰণ কৰি প্ৰবীণ অৰ্থনীতিবিদগৰাকীয়ে কয় যে, এবাৰ মোহনদাস গান্ধীৰ স্বাক্ষৰ ল’বলৈ শিশু অমৰ্ত্য শান্তিনিকেতনলৈ গৈছিল আৰু তেতিয়া গান্ধীয়ে স্বাক্ষৰৰ বিনিময়ত অস্পৃশ্যতাৰ বিৰুদ্ধে যুঁজিবলৈ শিশু অমৰ্ত্যৰ পৰা পাঁচ টকা লৈছিল। ঘৰৰ জ্যেষ্ঠজনৰ পৰা টকা লৈ গান্ধীক দিয়াৰ পিছত গান্ধীয়ে কিতাপখনত চহী কৰি ক’লে, “অস্পৃশ্যতাৰ বিৰুদ্ধে আপোনালোকৰ যুঁজ আজিৰে পৰা আৰম্ভ হৈছে।”
“ইতিহাসে সঁচা কথা কয়। আমি মিছাৰ বিৰুদ্ধে যুঁজিব লাগিব ৷ মই দেশখন ঐক্যবদ্ধ হোৱাটো বিচাৰো। ঐতিহাসিকভাৱে উদাৰ দেশ এখনত বিভাজন নিবিচাৰো। আমি একেলগে কাম কৰিব লাগিব, কিয়নো এই দেশৰ গণতন্ত্ৰৰ তিনিটি স্তম্ভৰ মাজত ভাৰসাম্যতাৰ অভাৱ দেখা গৈছে। সকলো ক্ষমতা দখলৰ বাবে ভোটৰ ৰাজনীতিত মত্ত, এইবিলাকেই সমস্যা’ এইদৰেই অমৰ্ত্য সেনে দেশবাসীক একতাৰ বাবে আবেদন কৰে।