• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নথিপত্ৰ সঠিক কৰি নৰখা বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযানৰ প্ৰস্তুতি

নিউজ ডেস্ক by নিউজ ডেস্ক
April 26, 2023
in ৰাজনীতি, অসম, গুৱাহাটী
1 min read
0
১ ফেব্ৰুৱাৰীৰ পৰা পৰিবহণ বিভাগৰ অপাৰেচন কুৰুক্ষেত্ৰ
Share on FacebookShare on Twitter

যোৱা বিত্তীয় বৰ্ষত যান-বাহনৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত ৰাজ্যখনৰ ভিতৰতে পূৰ্বৰ সকলো অভিলেখ ভঙ্গ কৰি সৰ্বাধিক পৰিমানৰ ৰাজহ সংগ্ৰহেৰে নজিৰ সৃষ্টি কৰাৰ পিছত চলিত বিত্তীয় বৰ্ষৰ বাবে পূৰ্বতকৈও অধিক উদ্যম আৰু উৎসৰ্গিত মনোভাৱেৰে তঙালী বান্ধিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে। চলিত বিত্তীয় বৰ্ষত যানবাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰ সংগ্ৰহৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে সাজু হৈছে পৰিবহণ বিভাগ ৷ গুৱাহাটী মহানগৰীক দুৰ্ঘটনামুক্ত কৰি ৰখাৰ বাবে সুৰক্ষিত যাতায়াতত অধিক গুৰুত্ব দিছে ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে ৷ মহানগৰীৰ যিকোনো ঠাইত পূৰ্বৰ দৰেই অভিযান সক্ৰিয় কৰি ৰাখি এতিয়াও সময়মতে যানবাহনৰ কৰ পৰিশোধ নকৰা সকলো শ্ৰেণীৰ বাহনৰ মালিক, নিৰ্মাণকাৰী সংস্থা, উদ্যোগ আৰু বৰ্হিৰাজ্যৰ বহুজাতিক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীক যানবাহন আইনৰ আওতালৈ আনি সুৰক্ষিত যাতায়তৰ প্ৰতি অধিক সচেতন আৰু দায়িত্বশীল কৰি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কথা তেওঁ কয় ৷ গতিকে যাৱতীয় সকলো কৰ পৰিশোধ কৰাৰ উপৰি চালকৰ অনুজ্ঞাপত্ৰ, বাহনৰ পঞ্জীয়ন, ফিটনেছ, ইঞ্চিউৰেঞ্চ, প্ৰদূষণ মুক্তৰ প্ৰমানপত্ৰসহ সকলো নথিপত্ৰ সঠিক কৰি লগত ৰাখিহে গাড়ী চলাব পাৰিব। কিয়নো এইবাৰ এই সকলো দিশতে অধিক চোকা দৃষ্টি ৰাখিবলৈ জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শকৰ অভিযানকাৰী দল ভাগে ভাগে সাজু হৈছে।

এই সন্দৰ্ভত সকলো যানবাহন ব্যৱহাৰকাৰীৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ মাইকযোগে ঘোষণা, প্ৰচাৰ-পুস্তিকা বিতৰণ, ডিমাণ্ড নটিছ প্ৰেৰণৰ উপৰি ফোন যোগে অবগত কৰিও সজাগতা সৃষ্টিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে। সেয়েহে বিভিন্ন অসুবিধাবশতঃ যোৱা বিত্তীয় বৰ্ষত যানবাহনৰ কৰ আদায় দিব নোৱাৰাসকলক অহা ৩০জুনৰ ভিতৰত সকলো যাৱতীয় কৰ আদায় দিয়াৰ লগতে নথিপত্ৰসমূহ নৱীকৰণ কৰি সঠিক কৰি ৰাখিহে যানবাহন চলাই সুৰক্ষিত যাতায়ত ব্যৱস্থা বাহাল ৰখাৰ লগতে গুৱাহাটীক দুৰ্ঘটনামুক্ত কৰি ৰখাত সহযোগিতা আগবঢ়াবলৈ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সকলোধৰণৰ বাহনৰ মালিক স্বত্বাধিকাৰী, উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণকাৰী সংস্থা আৰু দায়িত্বশীল নাগৰিকৰ প্ৰতি আহ্বান জনায়।

Previous Post

NCCৰ নৌ শাখাৰ বিশ্ব ধৰিত্ৰী দিৱসত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙক সম্বৰ্ধনা

Next Post

ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ কৰুণ মৃত্যু

Related Posts

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ কৰুণ মৃত্যু

ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ কৰুণ মৃত্যু

আজি অসমলৈ আহিব কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিং

আজি অসমলৈ আহিব কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিং

ৰাহুল গান্ধীৰ গোচৰৰ পৰা স্বেচ্ছাই আঁতৰিল গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ

ৰাহুল গান্ধীৰ গোচৰৰ পৰা স্বেচ্ছাই আঁতৰিল গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8