বায়ুসেনাৰ বিশেষ বিমানযোগে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু সোমবাৰে বৰঝাৰত উপস্থিত হয়। তিনিদিনীয়া উত্তৰ-পূৱ ভ্ৰমণ কাৰ্যসূচীৰে উপস্থিত হয়হি দেশৰ ৰাষ্ট্ৰপতিগৰাকী।
বৰঝাৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী, ৰণজিৎ কুমাৰ দাস, সাংসদ কুইন ওজাকে ধৰি প্ৰতিৰক্ষাৰ বাহিনীৰ বিষয়া সকলে আদৰণি জনায়৷ ইয়াৰ পিছতেই বৰঝাৰ বিমানবন্দৰৰ পৰা হেলিকপ্তাৰ যোগে পোনে পোনে মেঘালয়ৰ তুৰালৈ ৰাওনা হয় ৰাষ্ট্ৰপতিগৰাকী ৷
উল্লেখ্য যে, ১৫ জানুৱাৰীৰে পৰা তুৰাৰ পি.এ. চাংমা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে পঞ্চম মেঘালয় গেমছ। মেঘালয় গেমছৰ শুভ উদ্বোধন কৰে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৷ তুৰাৰ প্ৰশাসনিক ভৱনৰ আধাৰশিলাসহ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি গৰাকীয়ে। ইফালে ১২ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈকে অনুষ্ঠিত হোৱা ৫০ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ ১৭ জানুৱাৰীৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতিগৰাকী ৷