সাংবাদিকৰ ওচৰত নিজৰ চিৰপৰিচিত শান্ত-সৌম্য ৰূপৰ পৰা বিচলিত হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন। সাংবাদিকৰ প্ৰশ্নত ধৈৰ্য হেৰুৱাই তেওঁৰ মুখৰ পৰা নিৰ্গত হ’ল অপশব্দ। তাৰ পাছতে অপ্ৰস্তুত হৈ পৰা বাইডেনে ক্ষমা বিচাৰিলে সাংবাদিকক। ডিএনএৰ খবৰ অনুসৰি বাইডেনৰ মুখৰ পৰা অপশব্দ নিৰ্গত হোৱা ভিডিঅ’ভাইৰেল হোৱাৰ পাছতে তেওঁ সাংবাদিকগৰাকীলৈ ফোন কৰি ক্ষমা খোজাৰ লগতে এয়া ব্যক্তিগত নাছিল বুলিও স্পষ্টীকৰণ দিয়ে।
উল্লেখ্য যে, বিগত ২৪ জানুৱাৰীত এই ঘটনা সংঘটিত হৈছিল। এখন সংবাদমেলত সাংবাদিক পীটাৰ ডুছীয়ে প্ৰশ্ন কৰিছিল যে, দেশত ধাৰাবাহিকভাৱে বাঢ়ি অহা মূল্যবৃদ্ধিৰ মাজতে মধ্যৱৰ্তী নিৰ্বাচন অনুষ্ঠিত কৰাৰ ফলত আপোনাৰ দলৰ কিমান ক্ষতি হ’ব? এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ বাইডেনৰ মুখৰ পৰা অপশব্দ নিৰ্গত হয়। সাংবাদিকৰজনৰ উক্ত প্ৰশ্নটিৰ উত্তৰ হিচাপে ৰাষ্ট্ৰপতিজনে কয় যে, তেওঁৰ দলৰ ক্ষতি নহয় বৰং লাভহে হ’ব। লগতে তেওঁ “What a stupid son of a b*tch.” বুলি গালিও পাৰে। এই ঘটনাৰ পাছত হোৱাইট হাউছৰ ফালৰ পৰা যি লিখিত প্ৰতিলিপি জাৰি কৰা হয় তাতো বাইডেনৰ মুখৰ পৰা নিগৰিত এই অপশব্দটো লিপিত হৈছিল। ইয়াক নিউয়ৰ্ক টাইমছ কাকতৰ হোৱাইট হাউছৰ সংবাদদাতা কেটি ৰোজৰ্ছে টুইটো কৰে। উল্লেখ্য যে, বাইডেনে ইয়াৰ পূৰ্বেও সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ ঘটনা সংঘটিত হৈছিল। যোৱা সপ্তাহতো এগৰাকী মহিলা সাংবাদিকক য়ুক্ৰেন সম্পৰ্কীয় বিষয় সন্দৰ্ভত প্ৰশ্ন কৰোঁতে তেওঁ ক্ষুব্ধ হৈ পৰিছিল।
মন কৰিবলগীয়া যে, জো বাইডেনৰ পূৰ্বতে আমেৰিকাৰ প্ৰক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও সংবাদমেলত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰি কুখ্যাতি অৰ্জন কৰি থৈছে।