তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচী লৈ আজি অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। দিনৰ প্ৰায় ১২.৪৫ বজাত বিমানবন্দৰত অৱতৰণ কৰিয়েই ৰাষ্ট্ৰপতিয়ে ১.২৫ বজাৰ পৰা ২ বজালৈ থাকিব কামাখ্য মন্দিৰত। তাৰ পিছত তেওঁ ৰাজভৱনত উপস্থিত হৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব।
২৬ ফেব্ৰুৱাৰীত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উনবিংশতিতম দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।
উল্লেখ্য যে, ৰাষ্ট্ৰপতিৰ অৱতৰণৰ বাবে বোকাখাত ৰাজহুৱা খেলপথাৰত নিৰ্মাণ কৰা হৈছে অস্থায়ী হেলিপেড। ২৭ফেব্ৰুৱাৰী পুৱা ৫.৫০ বজাৰ পৰা ৭.৫০ বজালৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী কৰিব।