সমাগত ৰাষ্ট্ৰপতি নিৰ্বাচন। ১৮ জুলাইত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি পদৰ UPA প্ৰাৰ্থী যশৱন্ত সিনহাই নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি বৰঝাৰৰ গুৱাহাটীত উপস্থিত হয়হি।
বিমান বন্দৰতে প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু UPA ৰ অংশিদাৰী দল তৃণমূল কংগ্ৰেছ, AIUDFৰ নেতাই বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী গৰাকীক আদৰণি জনায়। যশৱন্ত সিনহাক বিমান বন্দৰতে আদৰণি জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, বিৰোধীৰ উপ দলপতি ৰকিবুল হুছেইন, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, জাকিৰ হুছেইন ছিকদাৰ, কমলক্ষ দে পুৰকায়স্থ, ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন আৰু পশ্চিম গোৱালপাৰাৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলে।
AIUDFৰ ধিঙৰ বিধায়ক আমিনুল ইছলাম, পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক ছামছুল হক আৰু গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমানে। যশৱন্ত সিনহাক কেৱল বিমান বন্দৰত আদৰণি জনোৱাই নহয় তেওঁলৈ সমৰ্থন আগবঢ়োৱাৰ প্লে কাৰ্ড প্ৰদৰ্শন কৰে বিধায়ক তিনিগৰাকীয়ে।
উল্লেখযোগ্য যে কিছুদিন পূৰ্বে AIUDFৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলে ভূপেন বৰাক সমালোচনা কৰি NDA প্ৰাৰ্থীক সমৰ্থন কৰাৰ চিন্তা চৰ্চা কৰাৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক বদৰুদ্দিন আজমলে সাক্ষাৎ কৰিছিল।