আজি ঘোষিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলক লৈ প্ৰস্তুতি আৰম্ভ হৈছে। মুঠ ৩১টা কেন্দ্ৰত হোৱা ভোটদানৰ পিছত বেলট বাকচ দিল্লীলৈ অনা হৈছে। আজি পুৱাৰে পৰা ভোটগণনা আৰম্ভ হ’ব।
উল্লেখযোগ্য যে এইবাৰ ৰাষ্ট্ৰপতি পদৰ বাবে হোৱা নিৰ্বাচনত ৯৯ শতাংশৰো অধিক ভোটদান হৈছে। NDAৰ সমৰ্থিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু হোৱাৰ বিপৰীতে UPAৰ সমৰ্থিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ল যশৱন্ত সিনহা। বিগত ১৮ জুলাইত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হৈছিল।
উল্লেখ্য যে, বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২৪ জুলাইত অন্ত পৰিব।