পেট্ৰ’ল-ডিজেল বা ৰন্ধন গেছতে সীমাবদ্ধ নাথাকি ১ এপ্ৰিলৰ পৰা দেশত বৃদ্ধি পালে ঔষধৰ দামো। দেশত হোৱা মূল্যবৃদ্ধিয়ে এতিয়া জুৰুলা কৰিছে জনসাধাৰণক। মুৰৰ বিষৰ পৰা আৰম্ভ কৰি জ্বৰৰ ঔষধলৈকে প্ৰায় সকলো ঔষধৰে দাম বৃদ্ধি হৈছে আজিৰে পৰা। উল্লেখ্য যে, ক’ৰোনাৰ পিছৰে পৰা ঔষধৰ দাম বৃদ্ধি কৰাৰ বাবে দাবূী কৰি আহিছিল ঔষধ প্ৰস্তুত কৰা প্ৰতিষ্ঠানসমূহে। সেই দাবী সমূহ মানি ১ এপ্ৰিলৰ পৰা ঔষধৰ দাম ১০.৭ শতাংশ বৃদ্ধি কৰাৰ অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে।
উল্লেখনীয় যে, কেতবোৰ ঔষধৰ মূল্য কেন্দ্ৰীয় চৰকাৰৰ অনুমতি অবিহনে ঔষধ প্ৰস্তুত কৰা প্ৰতিষ্ঠানসমূহে বৃদ্ধি কৰিব নোৱাৰে। কেন্দ্ৰীয় চৰকাৰৰ অনুমতিৰ পিছতেই প্ৰায় ৮০০ বিধ ঔষধৰ মূল্য বৃদ্ধি পালে। ইয়াৰ ভিতৰত থাকিব পেৰাচিটেমল,এন্টিবাইটিক, ব্লাড প্ৰেচাৰ আদিৰ ঔষধো আছে।