আজিৰে পৰা বৃদ্ধি পালে কেইবাবিধো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম। কেইবাবিধো অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত আজিৰে পৰা আৰোহ কৰা হ’ব ৫ শতাংশকৈ GST। চাউল, ময়দা, আটা, মুৰিৰ দৰে পেকেটজাত সামগ্ৰীৰ ওপৰত আজিৰে পৰা আৰোপ কৰা হৈছে GST। পূৰ্বতে কেৱল ব্ৰেণ্ডেড চাউলৰ পেকেটৰ ওপৰত GST লগোৱা হৈছিল। কিন্তু এতিয়াৰে পৰা সকলো ধৰণৰ চাউল, ময়দা, আটা আদি পেকেটত থকা হ’লেই ভৰিব লাগিব কৰ।
GST আৰোপ কৰিবলগীয়া সামগ্ৰীৰ ভিতৰত আছে পনীৰ, দৈ, লাচি, বাটাৰমিল্ক। পেকেটজাত গুৰ, প্ৰাকৃতিক মৌ, পেকেটজাত মুৰি, চিৰা, আখৈ, ওটছ, চাউলৰ গুৰি আদি।