সোমবাৰে ৱল্ড ইক’নমিক ফৰামৰ এখন ভাৰ্চুৱেল বৈঠকত অংশ লোৱা অৱস্থাতে ক্ষন্তেকৰ বাবে অসহায় হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। অনুষ্ঠানটিত নৰেন্দ্ৰ মোডীয়ে ভাষণ আৰম্ভ কৰিছিলহে মাত্ৰ, কেইমিনিটমানৰ পাছতে লাগিল খোকোজা। কেইচেকেণ্ড মানৰ বাবে ৰৈ দিবলগীয়া পৰিস্থিতিৰ লগতে অসহায় হৈ পৰিল প্ৰধানমন্ত্ৰীগৰাকী।
প্ৰকৃততে, প্ৰধানমন্ত্ৰীয়ে যি টেলিপ্ৰম্প্টাৰ চাই ভাষণ প্ৰদান কৰি আছিল উক্ত মেচিনটো যান্ত্ৰিক বিজুতিৰ বাবে হঠাতে বন্ধ হৈ পৰিছিল। মেচিনটো বন্ধ হৈ পৰাৰ বাবেই ভাষণত খোকোজা লাগে প্ৰধানমন্ত্ৰীগৰাকীৰ। উল্লেখ্য যে, প্ৰধানমন্ত্ৰীৰ সৈতে সংঘটিত হোৱা এই ঘটনাৰ পাছতে সামাজিক মাধ্যমত ব্যাপক চৰ্চা হৈ পৰিছে মোডীৰ ভাষণ।