প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেনে আজি ১০০ বছৰত প্ৰৱেশ কৰিছে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আজি পুৱাই তেওঁৰ সৰু ভায়েক পংকজ মোদীৰ বাসগৃহত উপস্থিত হৈ মাতৃক সাক্ষাৎ কৰে আৰু তেওঁৰ আশীৰ্বাদ বিচাৰে।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীৰ মাতৃয়ে তেওঁৰ সৰু পুত্ৰৰ সৈতে বসবাস কৰে। হীৰাবেনৰ জন্ম ১৯২৩ চনৰ ১৮ জুনত হৈছিল। তেওঁ ২০২২ চনৰ ১৮ জুনত অৰ্থাৎ আজি তেওঁৰ জীৱনৰ ১০০ তম বছৰত ভৰি দিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ মাতৃক লগ পোৱাৰ পিছত পৱাগড় কালিকা মন্দিৰলৈ ৰাওনা হয়। গান্ধীনগৰ পৌৰ নিগমে হীৰাবেনৰ ১০০ তম জন্মদিনক বিশেষ কৰি তুলিবলৈ তেওঁৰ নামেৰে এটা পথৰ নাম সলনি কৰাৰ সিদ্ধান্ত লৈছে।