জুলাই মাহৰ পৰা মহানগৰবাসীয়ে লাভ কৰিব খোৱাপানী। মহানগৰবাসীৰ বাবে এটা ভাল খবৰ। ২০২২ৰ জুলাই মাহৰ পৰা মহানগৰবাসীয়ে ঘৰে ঘৰে পাব বিশুদ্ধ খোৱাপানী।
পৰ্যায়ক্ৰমে মহানগৰীত যোগান ধৰা হ’ব খোৱাপানী এই ঘোষণা কৰিলে মন্ত্ৰী অশোক সিংহালে। গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে এই প্ৰতিশ্ৰুতিক লৈ কয়- আমাৰ চৰকাৰে যি কয়, সেই কামেই কৰে।