আদানীয়ে কেৰালাত নিৰ্মাণ কৰি থকা ভজিঞ্জাম সাগৰবন্দৰৰ বিৰুদ্ধে বিগত ১৩০ দিন ধৰি অব্যাহত আছে প্ৰতিবাদ। এই বন্দৰৰ বিৰোধিতা কৰিছে কেৰালাৰ মাছমৰীয়াসকলে। অৱশ্যে প্ৰতিবাদকাৰীসকলে ৰাজ্য চৰকাৰৰ সৈতে হোৱা সফল আলোচনাৰ অন্তত আন্দোলন প্ৰত্যাহাৰ কৰিছে যদিও এই প্ৰতিবাদী কাৰ্যসূচী সম্পূৰ্ণৰূপে বাতিল কৰা নাই বুলি সাংবাদিকক জানিবলৈ দিয়ে।
প্ৰয়োজন সাপেক্ষে পুনৰ প্ৰতিবাদ আৰম্ভ হ’ব বুলিও তেওঁলোকে মন্তব্য কৰিছে। ইফালে মাছমৰীয়া সকলৰ এই প্ৰতিবাদে সময়ত হিংসাত্মক ৰূপ লোৱাৰ পিছত কেৰালাৰ বিভিন্ন ধৰ্মীয় গোটৰ নেতাসকলে অঞ্চলটোত শান্তি স্থাপনৰ প্ৰচেষ্টা চলাইছে।
উল্লেখ্য যে যোৱা ১৩০ দিনে মুলুৰৰ বহুমুখী সাগৰবন্দৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ বাহিৰত বহু সংখ্যক লোকে প্ৰতিবাদ কৰি আহিছে। তেওঁলোকে এই বন্দৰৰ নিৰ্মাণ কাৰ্য বন্ধ কৰা আৰু বহু কোটি টকাৰ প্ৰকল্পৰ সন্দৰ্ভত উপকূলীয় প্ৰভাৱ অধ্যয়ন কৰাকে ধৰি সাত দফা দাবীৰ চাৰ্টাৰৰ বাবে প্ৰতিবাদ কৰি আছিল। প্ৰতিবাদকাৰীসকলৰ অভিযোগ আদানীয়ে নিৰ্মাণ কৰি থকা বন্দৰ বিজ্ঞানসন্মত নহয়। এই বন্দৰ কৃত্ৰিম সাগৰৰ দেৱাল আৰু বৰ্ধিত উপকূলীয় খহনীয়াৰ ই অন্যতম মুখ্য কাৰণ।