মহানগৰীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ দাঁতিতে থকা শ্যামভূমিত নতুনকৈ নিৰ্মিত ৰাজহুৱা সভা গৃহ আৰু সাংস্কৃতিক মঞ্চৰ লগতে দৈৱযৌতুক তালুকৰ পুখুৰীৰ আজি শুভ উদ্বোধন কৰে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।এই উপলক্ষে দজৱ যৌতুক তালুকৰ সভাপতি উপেন নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি তথা দৈৱ যৌতুক তালুকৰ সম্পাদক জগন্নাথ ঠাকুৰীয়া উদ্দেশ্য ব্যাখ্যা কৰে। সভাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই উল্লেখ কৰি কয় যে চৰকাৰী আঁচনি ৰূপায়ণৰ পিছত ৰাইজৰ যথেষ্ট কৰণীয় থাকে। এই ক্ষেত্ৰত ৰূপায়িত আঁচনি সমূহৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব ৰাইজে ললেহে আঁচনিৰ সাৰ্থক হয়।ভাষণ প্ৰসংগত তেওঁ আৰু কয় যে অসমীয়া সমাজ জীৱনৰ পৰা কিছুমান পৰম্পৰা,লোককৃষ্টি লাহে লাহে লোপ পাবলৈ ধৰিছে। বিশেষকৈ বিয়া -সবাহ,পূজা-পৰ্বন আদিৰ ঘট বুৰোৱা, পানী তোলা আদি পৰম্পৰা ৰাজহুৱা পুখুৰীৰ অভাৱতে কোনো কোনো ঠাইত লোপ পাবলৈ ধৰিছে। চৰকাৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰা এনে পুখুৰীত ৰাইজে তেনে পৰম্পৰা সমূহ ৰক্ষা কৰাৰ যথেষ্ট সুবিধা লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
উল্লেখযোগ্য যে আজি বিধায়ক গৰাকীয়ে কাঁহিকুছি গাঁও পঞ্চায়তৰ চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৯-২০ বৰ্ষৰ প্ৰথম কিস্তিৰ বাৰ লাখ টকাৰে দৈৱযৌতুক তালুকৰ নৱনিৰ্মিত ৰাজহুৱা পুখুৰীটো উদ্বোধন কৰাৰ লগতে বিধায়কৰ আনটাইড ফাণ্ডৰ ২০১৮-১৯ বৰ্ষৰ দহ লাখ টকাৰ অনুদানেৰে নিৰ্মাণ কৰা শ্যামভূমি ৰাজহুৱা সভাঘৰ আৰু সাংস্কৃতিক মঞ্চৰ উদ্বোধন কৰে। এই উপলক্ষে দৈবযৌতুক তালুকদাৰ সভাপতি উপেন নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি তথা তালুকৰ সম্পাদক জগন্নাথ ঠাকুৰীয়াই উদ্দেশ্য ব্যাখ্যা কৰে। সভাত সমাজকৰ্মী সুভাষ শৰ্মা, অসম সমবায় সংঘৰ প্ৰাক্তন সভাপতি কিৰণ কাকতি, ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন, সমাজকৰ্মী ভদ্ৰেশ্বৰ নাথ, জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰবীন দৈমাৰী আদিকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।