কৌতুক অভিনেতাৰ পৰা পঞ্জাৱৰ মুখ্যমন্ত্ৰী হোৱা ভগৱন্ত মানৰ আজি বিবাহ। সম্পূৰ্ণ ৰীতি-নীতিৰে আজি দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হ’ব ভগৱন্ত মান। তেওঁক স্বামী হিচাপে গ্ৰহণ কৰিব ডাঃ গুৰপ্ৰীত কৌৰে। দেশৰ সংবাদ শিৰোনাম দখল কৰা এই বিয়াখন অৱশ্যে অতি অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ’ব। চণ্ডিগড়ৰ মুখ্যমন্ত্ৰী আৱাসগৃহত ভগৱন্ত মান আৰু গুৰপ্ৰীতে কৌৰে এক সাধাৰণ অনুষ্ঠানৰ জৰিয়তে বিবাহ পাশত আৱদ্ধ হ’ব। এই বিয়াত উপস্থিত থাকিব দুয়োৰে ঘনিষ্ঠ আৰু একাংশ বিশিষ্ট ব্যক্তি।
এই বিয়াত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া পৰিয়ালৰ সৈতে মানৰ বিয়াত উপস্থিত থাকিব। উল্লেখ্য যে ২০১৬ চনত মানৰ প্ৰথম পত্নী ইন্দ্ৰজিতৰ সাতে বিবাহ বিচ্ছেদ হয়। ভগৱন্ত মানৰ দুই সন্তানৰ সৈতে মানৰ পূৰ্বৰ পত্নী বৰ্তমান আমেৰিকাত বাস কৰে।