ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন তেজৰ কৰ্কট ৰোগত আক্রান্ত। এজন প্রাক্তন ব্ৰিটিছ চোৰাংচোৱাই এই কথা সদৰি কৰিছে। ড’নাল্ড ট্রাম্প আৰু ২০১৬ চনৰ আমেৰিকাৰ নিৰ্বাচনী প্ৰচাৰত ৰাছিয়াৰ হস্তক্ষেপৰ অভিযোগ উত্থাপন কৰা ক্রিস্টোফাৰ ষ্টিলে এটা ইংৰাজী সংবাদ প্রতিষ্ঠানক জনাইছে যে ৰাছিয়া আৰু অন্যান্য ঠাইৰ সূত্ৰৰ পৰা এয়া স্পষ্ট হৈছে যে পুটিন প্ৰকৃততে গুৰুতৰভাৱে অসুস্থ।
আনহাতে, ৰুছ ৰাষ্ট্ৰপতিৰ সৈতে ঘনিষ্ঠ সম্পর্ক থকা এজন ব্যৱসায়িক নেতায়ো কৈছে যে পুটিন তেজৰ কৰ্কট ৰোগত আক্রান্ত। উল্লেখনীয় যে, ৰাছিয়াই ইউক্রেইন আক্রমণ কৰাৰে পৰা পুটিনৰ স্বাস্থ্যক লৈ বহু কথা প্ৰকাশ হৈ আহিছে যদিও ৰাছিয়াই এই সকলোবোৰ কথা মিছা বুলি দাবী কৰি আছে।