আজি ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। ৰাণীৰ শেষ কাৰ্যৰ পূৰ্বে ৰজা তৃতীয় চাৰ্লছে দেওবাৰে বাকিংহাম পেলেচত বিশ্বৰ নেতাসকলক আদৰণি জনায়। সেই অনুষ্ঠানত উপস্থিত হৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে ৰাণীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাণী দ্বিতীয় এলিজাবেথক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ জো বাইডেনে তেওঁৰ পত্নী জিল বাইডেনৰ সৈতে লণ্ডনত উপস্তিত হৈ সন্মান জনায়।
ৰাণী এলিজাবেথৰ নশ্বৰ দেহটো বৰ্তমান ৱেষ্টমিনষ্টাৰ হলত ৰখা হৈছে আৰু ইয়াত তেওঁক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি দিব অহা লোকসকলে তেওঁলোকৰ মনোভাব লিখিবলৈ এখন শোক বহী ৰখা হৈছে। জো বাইডেনে ৰাণীৰ শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ ৱেষ্টমিনষ্টাৰ হলত উপস্থিত হৈছিল আৰু এটা টোকা লিখিছিল য’ত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ডৰৰ লোকসকলক ৰাণীৰ সান্নিধ্য পোৱাৰ বাবে সৌভাগ্যৱান বুলি উল্লেখ কৰিছে। তেওঁৰ লগতে সকলোৱে ৰাণীৰ মৰম পাইছিল বুলিও তেওঁ প্ৰকাশ কৰাৰ উপৰিও ৰাণীয়ে এই পৃথিৱীখন ভাল পাইছিল বুলিও উল্লেখ কৰে।
উল্লেখ্য যে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে ৰাণীক শেষ শ্ৰদ্ধা জনাবলৈ ৱেষ্টমিনষ্টাৰ হলত উপস্থিত হৈছে। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মূৰ্মুৱেও ভাৰতৰ তৰফৰ পৰা ৰাণীক শ্ৰদ্ধা তথা সন্মান জনাবলৈ ইংলেণ্ডত উপস্থিত হৈছে।