দ্বিতীয় এলিজাবেথ ব্ৰিটেইন আৰু কমনৱেলথৰ ইতিহাসত আটাইতকৈ দীৰ্ঘদিনীয়া ৰাজত্ব কৰা ৰাণী। ৯৬ বছৰীয়া এলিজাবেথ বিশ্বৰ আটাইতকৈ বয়োজ্যেষ্ঠ শাসকো। তেওঁৰ আগতে ১৮৩৭ চনৰ পৰা ১৯০১ চনলৈকে প্ৰায় ৬৪ বছৰ শাসন কৰা ভিক্টোৰিয়া ৰাণীৰ নামত এই অভিলেখ আছিল। ১৯৫২ চনত তেওঁৰ পিতৃ ৰজা পঞ্চম জৰ্জৰ মৃত্যুৰ পিছত দ্বিতীয় এলিজাবেথে ব্ৰিটেইনৰ সিংহাসন দখল কৰে। ১৯৫৩ চনৰ ২ জুনত ৱেষ্টমিনিষ্টাৰ এবেত তেওঁৰ আনুষ্ঠানিকভাৱে ৰাজ অভিষেক অনুষ্ঠিত হয়। চলিত বৰ্ষৰ ২ৰ পৰা ৫ জুনলৈ ব্ৰিটেইনত প্লেটিনাম জয়ন্তী উদযাপনৰ আয়োজন কৰা হৈছিল। ১ জুনত এলিজাবেথৰ শাসনৰ ৭০ বছৰ সম্পূৰ্ণ হ’ল। ২ জুনত তেওঁৰ আনুষ্ঠানিক জন্মদিন আছিল।
ৰাণী এলিজাবেথৰ উত্তৰাধিকাৰী হৈছে তেওঁৰ ডাঙৰ পুত্ৰ ৰাজকুমাৰ চাৰ্লছ। কিন্তু ৰাণী এলিজাবেথ জীয়াই থকালৈকে চাৰ্লছে ৰাজপাট লোৱাৰ সম্ভাৱনা কম। চাৰ্লছৰ বয়স বৰ্তমান ৭৩ বছৰ। উল্লেখ্য যে, এলিজাবেথে সিংহাসন দখল কৰাৰ মাত্ৰ ৩ বছৰ আগতেই চাৰ্লছৰ জন্ম হৈছিল। ৰাণী এলিজাবেথে তেওঁৰ ৰাজত্বকালত ১৪ গৰাকী ব্ৰিটিছ প্ৰধানমন্ত্ৰীক দেখিবলৈ পাইছে। ১৩ গৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিছে।
উল্লেখ্য যে, বিশ্বৰ আটাইতকৈ দীঘলীয়া ৰাজত্ব কৰা ৰজা হৈছে চতুৰ্দশ লুই। টাইম মেগাজিনৰ মতে তেওঁ প্ৰায় ৭২ বছৰ শাসন কৰিছিল। ১৬৪৩ চনত সিংহাসনত বহাৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪ বছৰ। ১৭১৫ চনলৈকে তেওঁ শাসন কৰিছিল। এই সময়ত তেওঁ তিনিখন যুদ্ধও কৰিছিল।