সমাগত গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দল বৰ্তমান ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত। এইবাৰ গুজৰাটৰ নিৰ্বাচনী প্ৰচাৰত বিজেপি দলৰ হৈ অংশগ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও।
গুজৰাটৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লাভ জিহাদকে ধৰি ৰাহুল গান্ধীৰ ওপৰতো বহু মন্তব্য আগবঢ়াইছে। কুবেৰনগৰ ৰেলীত, শৰ্মাই ৰাহুল গান্ধীৰ বিষয়ে এক বিতৰ্কিত মন্তব্য কৰি কৈছিল যে ৰাহুল গান্ধীয়ে আজি কালি ইৰাকৰ ছাদ্দাম হুছেইনৰ দৰে দেখিবলৈ আৰম্ভ কৰিছে। “গান্ধী বংশধৰৰ ওচৰত মহাত্মা গান্ধী বা চৰ্দাৰ পেটেলৰ প্ৰতিচ্ছবি থাকিব লাগে, ইৰাকীৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনৰ নহয়। এতিয়াই মই দেখিছো যে ৰাহুল গান্ধীৰ মুখো সলনি হৈছে। তেওঁক এতিয়া ইৰাকৰ একনায়ক ছাদ্দাম হুছেইনৰ দৰে দেখা গৈছে। মুখ সলনি কৰাটো বেয়া কথা নহয়। যদি আপুনি মুখখন সলনি কৰিব লগা হয়, তেন্তে বল্লভভাই পেটেল, জৱাহৰলাল নেহৰু বা গান্ধীজীৰ দৰে এইটো কৰক, কিন্তু আপোনাৰ মুখখন ছাদ্দাম হুছেইনৰ দৰে কিয় হৈ পৰিছে?”
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ড সন্দৰ্ভতো গুজৰাট নিৰ্বাচনত মন্তব্য কৰিছিল। তেওঁ কৈছিল যে “আফতাবে শ্ৰদ্ধাক হত্যা কৰিছিল আৰু মৃতদেহটো ৩৫ টুকুৰাত কাটি পেলাইছিল। যেতিয়া আৰক্ষীয়ে আফতাবক সুধিছিল আপুনি হিন্দু ছোৱালী কিয় আনিছে? গতিকে আফতাবে কৈছিল যে হিন্দু ছোৱালীবোৰ আৱেগিক। এনেকুৱা বহুতো আফতাব আৰু শ্ৰদ্ধা আছে। সেয়েহে লাভ-জিহাদ সন্দৰ্ভত কঠোৰ আইন প্ৰস্তুত কৰা উচিত।”
উল্লেখ্য যে, ডিচেম্বৰ মাহত দুটা পৰ্যায়ত অনুষ্ঠিত হব গুজৰাট বিধানসভা নিৰ্বাচন।