পুনৰ বিতৰ্কত সোমাল ৰাহুল গান্ধী তথা কংগ্ৰেছ দল! ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাই ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত প্ৰৱেশ কৰিছে। মধ্য প্ৰদেশত ভাৰত জোড়ো যাত্ৰা প্ৰৱেশ কৰাৰ পিছতে বিতৰ্কৰ সূত্ৰপাত হৈছে। কিয়নো ৰাহুল গান্ধীৰ নেতৃত্বত হোৱা এই ভাৰত জোড়ো যাত্ৰাত ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়া বুলি অভিযোগ উত্থাপন হৈছে।
ভাৰত জোড়ো যাত্ৰাৰ মধ্যপ্ৰদেশৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। য’ত পাকিস্তান জিন্দাবাক দিয়া বুলি দাবী কৰা হৈছে। ইয়াকে লৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত অভিযোগ-প্ৰতি অভিযোগৰ ৰাজনীতি তুংগত হৈ পৰিছে। কংগ্ৰেছে এয়া ভুৱা ভিডিঅ’ বুলি দাবী কৰিছে আৰু কৈছে যে, বিজেপিয়ে হতাশ হৈ কংগ্ৰেছৰ এই যাত্ৰাক বদনাম কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।
উল্লেখ্য যে, কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ শুকুৰবাৰে মধ্য প্ৰদেশত তৃতীয়টো দিন। যাত্ৰাকালত ৰাহুল গান্ধীৰ সংগ দিছে প্ৰিয়ংকা গান্ধী, তেওঁৰ স্বামী ৰবাৰ্ট ভদ্ৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথ, দিগ্বিজয় সিঙকে ধৰি বহুতো জ্যেষ্ঠ নেতাই।