ভাৰত জোড়ো যাত্ৰাৰ পৰা সাময়িক বিৰতি লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে গুজৰাট বিধানসভা নিৰ্বাচন ২০২২ ৰ বাবে দলৰ হৈ প্ৰচাৰত অংশগ্ৰহণ কৰিব। ২২ নৱেম্বৰত ৰাহুল গান্ধীয়ে গুজৰাট ভ্ৰমণ কৰিব। উল্লেখ্য যে গুজৰাট আৰু হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত ৰাহুলৰ ভূমিকাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছিল। ইতিমধ্যে হিমাচল প্ৰদেশত ভোটগ্ৰহণ অনুষ্ঠিত হৈ গৈছে আৰু এতিয়া ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে গুজৰাটলৈ যোৱাৰ সিদ্ধান্ত লৈছে।
ৰাহুল গান্ধীয়ে বিগত বৰ্ষৰ বিধানসভা নিৰ্বাচনত বিজেপিক বাধা দিবলৈ দলৰ প্ৰচাৰত সক্ৰিয় ভূমিকা পালন কৰিছিল। অন্যহাতে এইবাৰৰ নিৰ্বাচনত আম আদমী পাৰ্টীয়ে বিজেপিৰ লগতে কংগ্ৰেছকো প্ৰত্যাহ্বান জনাইছে। উল্লেখ্য যে, গুজৰাট বিধান সভা নিৰ্বাচন দুটা পৰ্যায়ত ১ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ৮ ডিচেম্বৰত।