ভাৰত – ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পহৰা আৰু নিৰাপত্তাৰ দায়িত্বত থকা সশস্ৰ সীমা বল চমুকৈ SSBৰ গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ৰ মহা পৰিদৰ্শক হিচাপে ৰাজিন্দৰ কুমাৰ ভূম্বলাই আজি কাৰ্যভাৰ গ্ৰহণ কৰিছে। তেওঁ বিদায়ী মহা পৰিদৰ্শক সঞ্জীৱ শৰ্মাৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰে । কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে তেওঁক বাহিনীটোৰ ফালৰ পৰা অভিবাদন জনোৱাৰ লগতে অসমীয়াৰ পৰম্পৰাগত গামোচাৰে আদৰণি জনোৱা হয়। উল্লেখযোগ্য যে ১৯৮৭ বেটচত SSBত বিষয়া হিচাপে যোগদান কৰা ভূম্বলাই ইয়াৰ পূৰ্বে SSBৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ড চমুকৈ NSGতো সুকলমে সেৱা আগবঢ়াইছিল।
আনহাতে কাৰ্যভাৰ গ্ৰহণৰ পাছতে ভুম্বলাই বিষয়া – কৰ্মচাৰী সকলৰ সৈতে মিলিত হৈ ভাৰত – ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰে। গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ৰ অধীনত থকা ২২৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে যাতে কোনো ধৰণৰ চোৰাং বা নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ হব নোৱাৰে তাৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিবলৈ সকলোকে আহ্বান জনায়। তেনেদৰে সীমান্তত বাস কৰা ৰাইজৰ মাজত বাহিনীটোৰ সকলোৱে যাতে এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখে তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।