সংসদৰ চলিত শীতকালীন অধিৱেশনত ভাৰত আৰু চীনা সৈন্যৰ মাজত হোৱা সংঘৰ্ষ সন্দৰ্ভত আলোচনাৰ মাজত শাসকীয় আৰু বিৰোধিৰ মাজত তীব্ৰ বাক্যবান চলে। অৰুণাচল প্ৰদেশৰ টাৱাঙত ভাৰত আৰু চীনৰ সৈনিক সকলৰ মাজত হোৱা সংঘৰ্ষক লৈ সংসদত বিৰোধীয়ে চৰকাৰক বিভিন্ন প্ৰশ্ন কৰিছে। এই বিষয়ত বক্তব্য ৰাখি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি মন্তব্য কৰে।
অমিত শ্বাহে কংগ্ৰেছক লোকসভাত প্ৰশ্নকালত ইচ্ছাকৃতভাৱে ব্যাহত কৰাৰ অভিযোগ উত্থাপন কৰি কয় যে যদি প্ৰশ্নকাল থাকিলহেঁতেন, তেন্তে তেওঁ লোকসভাত ক’লেহেঁতেন যে ৰাজীৱ গান্ধী ফাউণ্ডেচনে ২০০৫-২০০৭ বৰ্ষত চীনা দূতাবাসৰ পৰা ১.৩৫ কোটি টকাৰ অনুদান লাভ কৰিছিল।
সীমান্তত প্ৰৱেশ কৰা চীনা সৈন্যসকলক তৎক্ষণাৎ আঁতৰাই দিয়াৰ বাবে অমিত শ্বাহে সেনাক প্ৰশংসা কৰাৰ লগতে বিজেপি চৰকাৰৰ দিনত কোনেও এক ইঞ্চি মাটি ল’ব নোৱাৰে বুলিও দাবী কৰে।