পুনৰ সক্ৰিয় ৰাজনীতিলৈ উভতি আহিছে প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু। মিত্ৰজোঁটৰ প্ৰাৰ্থী চিত্ৰৰঞ্জন বসুমতাৰীক মাজুলী উপ নিৰ্বাচনত জয়ী কৰোৱাৰ সকলো ধৰনৰ চেষ্টা কৰাৰ প্ৰতিশ্ৰুতি দিছে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে, বিগত কেইবা মাহৰ পূৰ্বে মাজুলীৰ প্ৰাক্তন মন্ত্ৰী তথা মাজুলী জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ লোচন পেগুয়ে সক্ৰিয় ৰাজনীতি ত্যাগ কৰি সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল। পেগুয়ে দল সলনি কৰি শাসকীয় বিজেপি দলত যোগদান কৰিব বুলি বিভিন্ন মহলত চৰ্চা চলি আছিল যদিও সকলো জল্পনা কল্পনাৰ ওৰ পেলাই তেওঁ ৰবিবাৰে গড়মূৰস্থিত অসম জাতীয় পৰিষদ দলৰ নিৰ্বাচনী কাৰ্যালয়ত উপস্থিত হয়।
তেওঁ কয়, বিৰতিৰ পিছত পুনৰ সক্ৰিয় ৰাজনীতিৰ পথাৰলৈ আহিছো। এইয়া সময়ৰ আহ্বান, পৰিস্থিতি তথা দলীয় সিদ্ধান্ত বুলি উল্লেখ কৰি কয় যে মই কংগ্ৰেছত আছো আৰু থাকিম। নতুন উদ্যমেৰে আকৌ কাম কৰিম বুলি দোহাৰে সংবাদ মাধ্যমৰ আগত।
আসন্ন মাজুলীৰ উপ নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় – মাজুলীৰ ৰাইজ ৰাজনৈতিক তথা সামাজিক ভাৱে সচেতন। সেই কাৰণে মাজুলীৰ ৰাইজে সময়ে সময়ে নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰি আহিছে। এনে পৰিপ্ৰেক্ষিততে অসমৰ এজন যোগ্য ব্যক্তি সৰ্বানন্দ সোনোৱালক নিৰ্বাচিত কৰি অসমৰ মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত কৰিছিল। গতিকে মাজুলী মানুহৰ সিদ্ধান্ত কেতিয়াও ভূল হ’ব নোৱাৰে।
যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সময়তে মাজুলীৰ বিজেপি প্ৰাৰ্থীজন ভূমি কেলেংকাৰীকে ধৰি বিভিন্ন কেলেংকাৰীত জড়িত। ইয়াৰ বিপৰীতে বিৰোধী দলৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী এজন শক্তিশালী প্ৰাৰ্থী। তেওঁক বিজয়ী কৰাবলৈ আমি ওলাই আহিছো। মূল্যবোধৰ ৰাজনীতিৰে আমাৰ সমস্যাবোৰ বিধান সভাত উত্থাপন কৰি ইয়াৰ সমাধানৰ পদক্ষেপ লবলৈ হলে চিত্তৰনঞ্জন বসুমতাৰী এক বলিষ্ঠ কন্ঠ বুলি প্ৰকাশ কৰে।