কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নতুন অধ্যক্ষ ৰাজু টিছো হোৱাটো প্ৰায় নিশ্চিত। আজি হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত কৰকান্থী পৰিষদীয় সমষ্টিৰ বিজেপিৰ বিজয়ী প্ৰাৰ্থী ৰাজু টিছোৱে অধ্যক্ষ পদৰ বাবে নিজৰ মনোনোয়ন পত্ৰ দাখিল কৰে।
বিজেপিয়ে যিহেতু ২৬খন আসনতে বিজয়ী হৈছে সেয়ে ৰাজু টিছোৱে বিনা প্ৰতিদ্বন্দ্বিতাৰে কাৰ্বি পৰিষদৰ অধ্যক্ষ নিৰ্বাচিত হোৱাটো একপ্ৰকাৰ নিশ্চিত। বুধবাৰে অধ্যক্ষ নিৰ্বাচিত হোৱাৰ পিছতহে তুলিৰাম ৰংহাঙে মুখ্য কাৰ্য্যবাহী সদস্য অৰ্থাৎ CEM পদৰ বাবে মনোনোয়ন পত্ৰ দাখিল কৰিব।
উল্লেখযোগ্য যে, সোমবাৰে অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে শপতবাক্য পাঠ কৰাইছিল পৰিষদৰ (KAAC) ২৬গৰাকী নিৰ্বাচিত সদস্যক। এইবাৰৰ স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ জৰিয়তে ১১গৰাকী নৱাগত প্ৰাৰ্থী ক্ৰমে হেডছিং ৰংফাৰ, অজিত কুমাৰ দে’, বিল মোহন খাখলাৰী, অভিজিৎ ক্ৰ’, লম্বিছন বে, কানবুৰা কিলিং, মধুৰাম লেখটে, জনি তিমুং, তিলোত্তমা হাছনু, শ্ৰৱন তেলেংগা আৰু কাদম টেৰাংপী প্ৰথমবাৰলৈ বিজয়ী হৈ পৰিষদলৈ আহিছে।