সোমবাৰে কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু অন্যান্য বিৰোধী দলসমূহৰ এক বৈঠক অনুষ্ঠিত হ’ব। সৰ্বদলীয় বৈঠকৰ পূৰ্বে অনুষ্ঠিত হ’ব কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক। সোমবাৰে সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’ব কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠক। বৈঠকত উপস্থিত থাকিব কংগ্রেছৰ বিধায়কসকল। প্রদেশ কংগ্রেছৰ তত্বাৱধায়ক জীতেন্দ্র সিং উপস্থিত থাকিব। ইয়াৰ উপৰিও বৈঠকত উপস্থিত থাকিব অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা।
এই বৈঠকৰ পাছতে অনুষ্ঠিত হ’ব বিৰোধীৰ সৰ্বদলীয় বৈঠক। বিৰোধীৰ সৰ্বদলীয় বৈঠকত অংশ ল’ব কংগ্রেছ, এ আই ইউ ডি এফ, CPIM আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। এই বৈঠকতে নিৰ্ধাৰণ হ’ব ভোটদানৰ প্রশিক্ষণৰ সময়। ৰাজ্যসভাৰ নিৰ্বাচনত কিদৰে ভোটদান কৰিব সেই বিষয়ে বিধায়কসকলক প্ৰশিক্ষণ দিব বুলি জনালে দেৱব্রত শইকীয়াই।