ভাৰতীয় নিৰ্বাচন আয়োগে দেশৰ ৬খন ৰাজ্যৰ ১৩খন আসনৰ বাবে হ’ব লগা ৰাজ্যসভাৰ নিৰ্বাচনৰ সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। ১৪মাৰ্চৰ পৰা নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ লগতে ২১মাৰ্চত প্ৰাৰ্থীসকলে দাখিল কৰিব লাগিব মনোনয়ন।
৩১মাৰ্চত ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হোৱাৰ লগতে সেইদিনাই বিয়লি ৫বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা প্ৰক্ৰিয়া। ৯বজাৰ পৰা বিয়লি ৪বজালৈ অনুষ্ঠিত হ’ব নিৰ্বাচন। অসমত ৰাণী নৰহ আৰু ৰিপুন বৰাৰ আসন খালী হোৱাৰ লগতে হিমাচলত এখন, কেৰালাত ৩খন, নাগালেণ্ডত ১খন, ত্ৰিপুৰাত ১খন, পঞ্জাৱত ৫খন আসনৰ বাবে অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন।