ধৰ্ষণ আৰু হত্যাৰ গোচৰ দোষী সাব্যস্ত এজন অপৰাধীক জেড প্লাছ কেটেগৰীৰ নিৰাপত্তা প্ৰদান কৰিছে আমাৰ দেশৰ চৰকাৰে। এনে গুৰুতৰ অপৰাধত দোষী সাব্যস্ত লোক এজনক কিহৰ বাবে চৰকাৰে এনে বিশেষ আতিথ্য প্ৰদান কৰিছে বুলি বৰ্তমান সচেতন মহলত প্ৰশ্ন উঠিছে।
গুৰমিত ৰাম ৰহিম, মেছেঞ্জাৰ অব গড বা এমএছজি আদি নামেৰে পৰিচিত এই স্বয়ম্ভু ধৰ্মগুৰুজন কেইবছৰমান পূ্ৰ্বে দেশত ব্যাপক চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছিল। ডেৰা চচ্ছা চৌডা নামৰ ধৰ্মীয় সংগঠনটোৰ মুৰব্বী হোৱা সূত্ৰে তেওঁৰ প্ৰভাৱ আৰু প্ৰতিপত্তি আছিল ব্যাপক। ৰাজনীতিকৰ পৰা তাৰকা অভিনেতা, ক্ৰিকেটাৰলৈ সকলো আছিল এইজন স্বয়ম্ভু গডমেনৰ অনুগামী। দিনে কোটি কোটি টকাৰ দান বৰঙণিৰে উভৈনদী ডেৰাৰ মুৰব্বী হৈ এক বিলাসী জীৱন কটাইছিল ৰাম ৰহিমে। নাৰী, গাড়ীৰ পৰা আৰম্ভ কৰি বিশাল অট্টালিকা, চিনেমা নিৰ্মাণ আদি সকলো চখ পূৰণ কৰি গৈছিল গুৰমিত ৰাম ৰহিমে। তেওঁৰ সকলো কামত তেওঁৰ সহযোগী আছিল তেওঁৰ তুলনীয়া কন্যা হানীপ্ৰিত। কিন্তু স্বয়ম্ভূ ভগৱান ৰাম ৰহিমৰ প্ৰকৃত স্বৰূপ প্ৰকাশ পাইছিল দুটাকৈ হত্যা আৰু ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছত।
দুটাকৈ বলাৎকাৰৰ গোচৰত ২০বছৰ কাৰাবাসৰ শাস্তি বিহা হৈছিল ৰাম ৰহিমক। আনহাতে সাংবাদিকসহ দুজন লোকক হত্যাৰ গোচৰত তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে চিবিআইৰ বিশেষ আদালতে। কাৰাগাৰত থাকিলেও তেওঁ চৰকাৰৰ বিশেষ দৰদ লাভ কৰিবলৈ সক্ষম হৈছে বুলি বৰত্মান অভিযোগ উঠিছে।
উল্লেখ্য যে, ৰাম ৰহিমক ২১ দিনৰ বাবে পেৰ’লত মুক্তি দিয়াৰ লগতে তেওঁৰ জীৱনলৈ ভাবুকি অহাৰ অজুহাতত দেশৰ সৰ্বোচ্চ পৰ্যায়ৰ নিৰাপত্তা জেড প্লাছ প্ৰদান কৰা হ’ল। হাৰিয়ানা চৰকাৰে তেওঁৰ জীৱনলৈ খালিস্তানী সন্ত্ৰাসবাদীৰ ভাবুকি আহিব পাৰে বুলি মন্তব্য কৰি তেওঁক জেড প্লাছ ছিকিউৰিটী আগবঢ়ালে হাৰিয়ানা চৰকাৰে।
ৰাম ৰহিমৰ দৰে অপৰাধীক কাৰাগাৰত ৰখাৰ পৰিৱৰ্তে জেড ছিকিউৰিটী দি মুকলিমুৰীয়া কৰি দিয়াৰ এই ব্যৱস্থাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ এগৰাকী নেত্ৰীয়ে মন্তব্য কৰিছে যে ধৰ্ষণকাৰীৰ যেতিয়া জেড কেটেগৰীৰ সুৰক্ষা দিয়া হৈছে দেশত নাৰী সুৰক্ষিত হ’ব নোৱাৰে।