পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আজি অসম- মেঘালয় সীমান্তৰ কৃষি প্ৰধান ৰাণী অঞ্চলত উপস্থিত হৈ অঞ্চলটোত মেৰামতি আৰু পুণৰনিৰ্মাণ চলি থকা দুখন জলসিঞ্চন আঁচনিৰ কামৰ অগ্ৰগতিৰ বুজ লয়। আঁচনি দুখন হল জলসিঞ্চন বিভাগৰ পশ্চিম গুৱাহাটী উপ সংমণ্ডলৰ অধীনৰ কপিলী জলসিঞ্চন আঁচনি আৰু আনখন হল কালমণি জলসিঞ্চন আঁচনি। ইয়াৰে কালমণি আঁচনিৰ মেৰামতিৰ বাবে বিভাগীয়ভাবে প্ৰায় ১.৪২ কোটি টকা আৰু কপিলী আঁচনিৰ বাবে ৮ কোটি টকা আবণ্টন দিয়া হৈছে। ইফালে মেঘালয় সীমান্তত উপস্থিত হৈ বিধায়ক কলিতাই দুয়োখন আঁচনিৰ ৰূপায়ণৰ দায়িত্বত থকা তথা পশ্চিম গুৱাহাটী – পলাশবাৰী জলসিঞ্চন সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কংকন গোস্বামী, পশ্চিম গুৱাহাটী উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা নিলাক্ষী দাস, সহকাৰী অভিযন্তা জিন্নাট উল্লাহৰ সৈতে আঁচনি দুখনৰ কাম কিমানখিনি সম্পন্ন হৈছে তাৰ বুজ লয়। বিধায়ক কলিতাই দুয়োখন আঁচনিৰ পৰা যিসকল কৃষকে পানী লাভ কৰিব তেওঁলোকৰ একাংশৰ সৈতেও আঁচনি সন্দৰ্ভত মত বিনিময় কৰে আৰু কামৰ আসোঁৱাহ দেখা পালে ততালিকে তেওঁক অৱগত কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে কৃষি প্ৰধান ৰাণী অঞ্চলৰ কৃষকৰ জীৱন ৰেখা স্বৰূপ দুয়োখন আঁচনি নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন হলে বৃহত্তৰ অঞ্চলটোৰ কেবা শতাধিক কৃষক পোনপটীয়াকৈ উপকৃত হোৱাটো নিশ্চিত।