হেডলাইন বিশেষঃ শাসকীয় পক্ষই ভাৰ্চুৱেল ৰেলী অথবা জনসম্পৰ্ক অভিযান ইতিমধ্যে আৰম্ভ কৰিছে।
কিন্তু বিৰোধী পক্ষই আৰম্ভ কৰিছেনে ২০২১ ৰ বাবে ৰণকৌশল?
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে ক’ভিডৰ এই সময়ছোৱাত শাসক পক্ষই নহয়, বিৰোধীয়েহে কৰিছে ৰাজনীতি।
ক’ভিডৰ দুঃসময় আঁতৰাৰ পিছতহে হিমন্ত নামিব ৰাজনীতিত। তেতিয়ালৈ বিৰোধীয়ে যিমান ইচ্ছা গ’ল দি যাওঁক। এয়া আছিল মন্ত্ৰী শৰ্মাৰ দুদিনমান পূৰ্বৰ মন্তব্য।
কিন্তু আমি পুনৰ কিয় দোহাৰিছো এই মন্তব্য? কাৰণ, সমূখত ২০২১ ৰ নিৰ্বাচন। চৰ্চাত এটা গুৰুত্বপূৰ্ণ সমষ্টি।
সমষ্টিটো হৈছে ৫৩ নং পূৱ গুৱাহাটী সমষ্টি। কিন্তু ক’ভিড ১৯ এই সময়ছোৱাত পূৱ গুৱাহাটী সমষ্টিত কেনেদৰে চলিছে ৰাজনৈতিক কুচকাৱাজ? পূৱ গুৱাহাটী সমষ্টি সম্প্ৰতি বিজেপিৰ দখলত।
সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য। কিন্তু অহা নিৰ্বাচনত ভট্টাচাৰ্যই হেৰুৱাব নেকি পূৱ গুৱাহাটী সমষ্টি?
কাৰণ বিজেপিয়ে সিদ্ধাৰ্থ ভট্টাচাৰ্যক প্ৰক্ষেপ কৰিবলৈ বিচাৰিছে বৰক্ষেত্ৰী বিধানসভা সমষ্টিত। অৰ্থাৎ, বিজেপিৰ ভিতৰচ’ৰাত ইতিমধ্যেই আৰম্ভ হৈ গৈছে পাখি কটা ৰাজনীতি।
আমাৰ আন এক অনুষ্ঠান ‘এইবাৰ টিকট কাৰ’, য’ত আমি স্পষ্টকৈ কৈছিলো বিজেপিয়ে পূৱ গুৱাহাটী সমষ্টিত যদিহে সিদ্ধাৰ্থ ভট্টাচাৰ্যক টিকট নিদিয়ে তেন্তে সেই টিকটৰ দাবীদাৰ হ’ব মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টা শান্তনু ভড়ালী।
আৰু তেনেক্ষেত্ৰত বিৰোধীয়ে ইয়াৰ সুযোগ গ্ৰহণ কৰাটো নিশ্চিত। কিন্তু সেয়া কেনেকৈ সম্ভৱ?
বিগত বিধানসভা নিৰ্বাচনত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা, জ্যেষ্ঠ নেতা ৰঞ্জন বৰা আৰু প্ৰাক্তন বিধায়ক ৰবীন বৰদলৈৰ ভাতৃ বলীন বৰদলৈ প্ৰমুখ্যে আন বহুকেইগৰাকী।
অৱশ্যে ৰঞ্জন বৰা আৰু বলীন বৰদলৈৰ নাম দুটা শেহতীয়াকৈ চৰ্চাত আছে সমষ্টিটোৰ টিকটৰ দাবীদাৰ হিচাপে। অৱশ্যে ইয়াত এটা কিন্তু আছে।
সেয়া হৈছে, যদিহে শান্তনু ভড়ালীয়ে বিজেপিৰ পৰা টিকট লাভ কৰে তেন্তে ববিতা শৰ্মাক প্ৰক্ষেপ কৰি কংগ্ৰেছৰ বাবে পূৱ গুৱাহাটী হস্তগত কৰাৰ পথ সুগম হ’ব।
কাৰণ পূৱ গুৱাহাটীত শান্তনু ভড়ালীৰ ভেটি সবল নহয়। আৰু তাৰেই সুযোগ গ্ৰহণ কৰিব কংগ্ৰেছে।
এইবাৰ আহিছো যোৱাবাৰ বিধানসভা নিৰ্বাচনৰ ভোট বিন্যাসলৈ –
সমষ্টিটোৰ ভোট বিন্যাসলৈ লক্ষ্য কৰিলে দেখা যায় যে ই সম্পূৰ্ণ কংগ্ৰেছ-বিজেপিৰ দখলত থকা এটা সমষ্টি।
বিগত নিৰ্বাচনত সমষ্টিটোত মুঠ ভোটাৰ আছিল ১,৬২,৫৭৯ টা
ইয়াৰে মুঠ ১,৫৮,৫৬৭ টা ভোটেই লাভ কৰিছিল কংগ্ৰেছ – বিজেপিয়ে।
অন্যান্যই লাভ কৰিছিল মাত্ৰ ৪০১২ টা ভোট। ইয়াৰে আকৌ NOTA ভোট আছিল ১২৮৮ টা। অৰ্থাৎ এইবাৰো মূল যুঁজ হ’ব কংগ্ৰেছ বিজেপিৰ মাজতে।
কিন্তু যোৱাটো নিৰ্বাচনত বিপুল ব্যৱধানত জয়ী হোৱা সিদ্ধাৰ্থ ভট্টাচাৰ্যক কেৱল কোনো লবীত নথকাৰ বাবেই বৰক্ষেত্ৰীলৈ ঠেলিব নেকি ৰাজ্যিক বিজেপিয়ে?
কেৱল সৰ্বা লবীৰ হোৱা বাবেই শান্তনু ভড়ালীৰ ৰাজনৈতিক কেৰিয়াৰ গঢ়িবৰ বাবে গিনিপিগ হিচাপে ব্যৱহাৰ কৰা হ’ব নেকি পূৱ গুৱাহাটী সমষ্টিক?