অৱশেষত ক্ষমা বিচাৰিবলৈ বাধ্য হল অধীৰ ৰঞ্জন চৌধুৰী। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ‘ৰাষ্ট্ৰপত্নী’ বুলি সম্বোধন কৰি বিতৰ্কৰ সৃষ্টি কৰা চৌধুৰীক ক্ষমা বিচাৰিবলৈ দাবী উত্থাপন কৰিছিল বিজেপি আৰু মিত্ৰজোঁটৰ সদস্যসকলে।
ৰাষ্ট্ৰপতি গৰাকীক ‘ৰাষ্ট্ৰপত্নী’ বুলি কোৱাৰ বাবে সংসদত বিজেপি নেত্ৰী স্মৃতি ইৰাণীয়ে ৰাষ্ট্ৰপতিগৰাকী দ্ৰৌপদী মুৰ্মূক অপমান কৰিছে বুলি উল্লেখ কৰি প্ৰবল প্ৰতিবাদ কৰিছিল। অৱশ্যে অধীৰ ৰঞ্জন চৌধুৰীয়ে তেওঁ ইচ্ছা কৰি ৰাষ্ট্ৰপতিগৰাকীক ৰাষ্ট্ৰপত্নী বুলি সম্বোধন কৰা নাছিল বুলি মন্তব্য কৰি ক্ষমা বিচাৰিবলৈ অমান্তি হৈছিল।
অৱশেষত চৌধুৰীয়ে ২৯ জুলাই, শুকুৰবাৰে এক পত্ৰৰ জৰিয়তে ক্ষমা বিচাৰিলে। উল্লেখ্য যে সাংসদ অধীৰ ৰঞ্জন চৌধুৰী লোক সভাৰ কংগ্ৰেছ দলৰ সদলপতি হোৱাৰ লগতে সংসদৰ পাব্লিক একাউণ্টছ কমিটীৰ অধ্যক্ষ আৰু পশ্চিমবংগ কংগ্ৰেছ কমিটীৰ ৰাজ্যিক সভাপতি।