মটক জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিলে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে। সোমবাৰে ডিকমৰ বিনৈগুটীয়া ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক সংবাদমেলত ৰাজ্যজুৰি হ’বলগীয়া আন্দোলনৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে মটক যুৱ-ছাত্র সন্মিলনৰ নেতৃত্বই। কাৰ্যসূচী অনুসৰি ৩ জুলাইত জিলাৰ সদৰসমূহত অৱস্থান ধৰ্মঘট, ১০ জুলাইত অইল অৱৰোধ, ১৭ জুলাইত জিলাই জিলাই উপায়ুক্ত কাৰ্যালয়ত ধৰ্ণা, ৩১ জুলাইত জিলাই জিলাই বাইক ৰে’লী, ১ আগষ্টত মোহনবাৰী বিমানকোঠ অৱৰোধ আৰু ২১ আগষ্টত গুৱাহাটীত ৰূপায়ন কৰা হ’ব প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী।
সংবাদমেলত মটক যুৱ-ছাত্ৰ সন্মিলনৰ নেতৃত্বই কয় যে, দীৰ্ঘদিনৰ পৰা মটক জনগোষ্ঠীক জনজাতিকৰণ, গুৱাহাটী মহানগৰত মটক জনগোষ্ঠীৰ ভৱন নিৰ্মাণৰ বাবে মাটি আৱন্টন, বানপানী আৰু গৰাখহনীয়া সমস্যাৰ, স্থায়ী সমাধান, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা, আলফা সমস্যাৰ স্থায়ী সমাধান, অইল, ভাৰতীয় তেল নিগম, বিচিপিএলত মটক জনগোষ্ঠীৰ শিক্ষিত যুৱক-যুৱতীক যোগ্যতা অনুসৰি নিয়োগৰ ব্যৱস্থা গ্ৰহণ কৰা, চৰকাৰে নিযুক্তি প্ৰদান কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰিত মটক জনগোষ্ঠীৰ বাবে বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰা, ঐতিহাসিক মটক জনগোষ্ঠীৰ কীৰ্তি চিহ্নসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰা আদি দাবীসমূহ সমাধানৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই।