বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাকমুহূৰ্তত কাজিৰঙাত অনুষ্ঠিত হৈছে পৰ্যালোচনা বৈঠক। এই বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সকলো মন্ত্ৰীৰ লগতে শাসনাধিস্থ বিজেপিৰ লগতে ইয়াৰ মিত্ৰজোঁটৰ দল অসম গণ পৰিষদ, ইউ পি পি এলৰ বিধায়কসকল উপস্থিত থাকে। ইয়াৰ উপৰিও বিজেপিৰ লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলো উপস্থিত থাকে এই বৈঠকত। কাজিৰঙাৰ দুখনকৈ বিলাসী ৰিজ’ৰ্টত অনুষ্ঠিত হোৱা এই পৰ্যালোচনা বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।
বিগত এটা বছৰৰ খতিয়ান লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই সন্তুষ্টি ব্যক্ত কৰিছে। অৱশ্যে তেওঁ এতিয়াও বহু কাম কৰিবলৈ বাকী আছে বুলি স্বীকাৰ কৰে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে কয় যে, শিক্ষা, স্বাস্থ্য বিভাগৰ বাবে ৪ মাহৰ পিছত আন এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ’ব। তেওঁ মাজে মাজে এনেদৰে একেলগে বহিব লাগিব বুলিও মন্তব্য কৰে। তেওঁৰ মতে কংগ্ৰেছ দলে পূৰ্বতে এনেদৰে পৰ্যালোচনা বৈঠকত নবহাৰ বাবে বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল।
We have already embarked on fulfilling our promise of providing one Lakh jobs in Govt.Recruitment processes for various posts are in different https://t.co/u0dkWs1CCJ begin with, We will distribute 23000 appointment letters of Home,Health and Education Departments on 14 May,22
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) May 5, 2022
আনহাতে গৃহমন্ত্ৰী অমিত শ্বাহে কৰোনাৰ সংক্ৰমণ হ্ৰাস হ’লেই নাগৰিকত্ব সংশোধনী আইন প্ৰযোজ্য কৰা হ’ব বুলি কৰা মন্তব্যৰ পিছতে ৰাজ্যজুৰি পুনৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। আছুকে ধৰি বিভিন্ন সংগঠনে পুনৰ আন্দোলনৰ হুংকাৰ দিয়াৰ লগতে ৰাজ্য চৰকাৰকো পুনৰ সমালোচনা কৰিছে দল সংগঠনে। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, নাগৰিকত্ব সংশোধনী আইন অসম চৰকাৰৰ বিষয়বস্তু নহয়। ই কেন্দ্ৰীয় চৰকাৰৰ বিষয়বস্তু। ১৪ মে’ত অসম চৰকাৰে গৃহ, শিক্ষা আৰু স্বাস্থ্য বিভাগত মুঠ ২৩ হাজাৰক নতুনকৈ নিযুক্তি দিব।