ভাৰত চৰকাৰে ইজৰাইল চৰকাৰৰ সৈতে চুক্তি কৰি পেগাছাচ স্পাইৱেৰ ক্ৰয় কৰাৰ তথ্য ৰাজহুৱা হোৱাৰ পাছতেই দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ৷ একেসময়তে ব্যক্তি গোপনীয়তা ভংগ কৰি দেশৰ সাংবাদিক, ৰাজনৈতিক নেতা, বুদ্ধিজীৱীৰ ব্যক্তিগত ফোন টেপ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ সমালোচিত হৈছিল সৰ্বত্ৰ৷ পেগাছাচ কাণ্ডৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এই বিষয়ত কোনো তথ্য উপলব্ধ নাই বুলি কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে অলপতে সংসদত সদৰি কৰে৷
বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয়, পেগাছাচ সম্পৰ্কীয় যিটো বিষয়ৰ কথা উল্লেখ কৰা হৈছে, সেইটো উচ্চতম ন্যায়ালয়ে গঠন কৰা এখন সমিতিৰ দ্বাৰা তদন্তাধীন। এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ওচৰত কোনো তথ্য উপলব্ধ নহয়৷
উল্লেখযোগ্য যে, এটা আন্তৰ্জাতিক অনুসন্ধানকাৰী সংস্থাই যোৱা বছৰ দাবী কৰিছিল যে ভাৰতৰ কেইবাগৰাকীও ৰাজনীতিবিদ, কৰ্মী, ব্যৱসায়ী আৰু সাংবাদিকক ইজৰাইলী প্ৰতিষ্ঠান এনএছঅ’ গ্ৰুপ টেকন’লজিছৰ ফোন হেকিং ছফ্টৱেৰ পেগাছাচে সম্ভাৱ্যভাৱে লক্ষ্য কৰি লৈছিল।