আজি বিধানসভাৰ অধিৱেশনত উত্থাপন হ’ল নেমুটেঙাৰ প্ৰসংগ। নেমুটেঙাৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰসংগই গুৰুত্ব পালে বিধানসভাত। কিয় দাম বৃদ্ধি হৈছে তাৰ কাৰণ বিশ্লেষণ কৰাৰ লগতে জনসাধাৰণক ইয়াৰ বাবে পৰামৰ্শও আগবঢ়ালে বিধায়কে।
নেমুটেঙাৰ প্ৰসংগ এইবাবেই উত্থাপন হৈছে, কাৰণ আজিৰ দিনটোত একেলগে দাম বৃদ্ধি পাইছে পেট্ৰ’ল–ডিজেল–ৰন্ধন গেছৰ। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত ৫০ টকাকৈ বৃদ্ধি পাইছে। অহা মাহৰ পৰা বৃদ্ধি পাব বিদ্যুতৰ বিল। ১ এপ্ৰিলৰ পৰা অসমত ২০২১-২২ বৰ্ষৰ তুলনাত প্ৰতি ইউনিটত গড় হিচাপত ৫৯ পইচাকৈ মাছুল বৃদ্ধি কৰা হৈছে।
ৰাজ্যৰ শক্তি বিভাগে কোটি কোটি টকাৰ ৰাজহ ঘাটি পূৰাবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ লগতে প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধিৰ বাবে দুখীয়া-মধ্যবিত্তৰ বাবে জীৱন নিৰ্বাহ কৰাটো একপ্ৰকাৰ কঠিন হৈ পৰিছে।
বিধানসভাত বিধায়ক মৃণাল শইকীয়াই ক’লে – উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰি মূল্য কম বেছি হৈ থাকে৷ নেমুৰ মুল্যবৃদ্ধি হৈছে৷ আগতে ঘৰে ঘৰে নেমু টেঙাৰ গছ আছিল৷ এতিয়া নেমু খেতি নকৰা হ’ল৷ টাবতো নেমু ৰুব পাৰি। নেমুৰ চাহিদা বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়াটো ভাল কথা। কিন্তু GI Tag লাভ কৰা, বিশ্বৰ বজাৰ দখল কৰা অসমৰ কাজি নেমুৰ উচিত দাম নাপাই নদীত পেলাই দিয়া কৃষকো অসমতে আছে। সেই কাৰণবোৰ বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তাহে অধিক।