ভাৰতীয় নৌ সেনাৰ প্ৰাক্তন ৮ সেনা জোৱানক মুক্তি দিয়ে কাটাৰে। উল্লেখ্য যে, পূৰ্বে এই নৌ সেনাৰ বিষয়া কেইজনক মৃত্যুদণ্ডৰ ৰায়দান ঘোষণা কৰিছিল কাটাৰ আদালতে। ভাৰত চৰকাৰে এই বিষয়ত হস্তক্ষেপ গ্ৰহণ কৰে আৰু তেওঁলোকক মুকলাই আনে।
২০২২ চনৰ আগষ্টত গ্ৰেপ্তাৰ কৰা ভাৰতীয় নৌসেনাৰ প্ৰাক্তন বিষয়াসকলৰ ভিতৰত আছে কমাণ্ডাৰ পূৰ্ণেন্দু তিৱাৰী, কমাণ্ডাৰ সুগুণকৰ পাকলা, কমাণ্ডাৰ অমিত নাগপাল, কমাণ্ডাৰ সঞ্জীৱ গুপ্তা, কেপ্টেইন নৱতেজ সিং গিল, কেপ্টেইন বীৰেন্দ্ৰ কুমাৰ বাৰ্মা, কেপ্টেইন সৌৰভ বশিষ্ঠ আৰু নাবিক ৰাগেশ গোপাকুমাৰ। এই গৰাকী সেনা জোৱানে তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবে বহু পদকো লাভ কৰিছে।
এই ৮ ভাৰতীয়ই দহৰা গ্লোবেল টেকন’লজিছ এণ্ড কনচাল্টেন্সি চাৰ্ভিচেছ নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ বাবে কাম কৰিছিল, যি কাটাৰৰ সশস্ত্ৰ বাহিনীৰ বাবে প্ৰশিক্ষণ আৰু অন্যান্য সেৱা প্ৰদান কৰে।
২০২২ চনত চোৰাংচোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ৮ নৌ সেনাক। ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বিষয়টোক যথেষ্ট গুৰুত্ব দি তেওঁলোকক মুকলাই আনিবলৈ সক্ষম হয়।