ইউক্ৰেইত আবদ্ধ হৈ থকা ভাৰতীয়ক উদ্ধাৰ অভিযান বৰ্তমান অব্যাহত আছে। ইয়াৰ মাজতে মঙ্গলবাৰে ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীৰ সৈতে বহু সংখ্যক ভাৰতীয় নতুন দিল্লীত উপস্থিত হৈছিল। এই দলটোত অসমৰ ২২ গৰাকী শিক্ষাৰ্থীও আছে।
ইউক্ৰেইনত আবদ্ধ হৈ থকা এইসকল অসমৰ ছাত্ৰ-ছাত্ৰী সুকলমে আহি ভাৰতত উপস্থিত হৈছে। এই ২২ জনৰ ভিতৰত আছে, অভনিশ ফুকন (ডিব্ৰুগড়) সমাদ্ৰিতা হাজৰিকা (গুৱাহাটী) মনিষা বৈশ্য (গুৱাহাটী), প্ৰতীক্ষা গগৈ (তেজপুৰ), উদাংশ্ৰী বসুমতাৰী (গুৱাহাটী) মনিষা ৱাহিদ (কামৰূপ) অনমূল শেখৰ দাস (গুৱাহাটী) আৰু অনামিকা বৈশ্য (গুৱাহাটী), অলিভিয়া ৰাজমেধি (যোৰহাট), অংশুমান শৰ্মা (নলবাৰী) অনুৰাগ ভূঞা (গহপুৰ), বাস্তৱিকা দাস (যোৰহাট), ডেইজী বসুমতাৰী (গুৱাহাটী), ফাৰ্মি নাছৰিন চুলতানা (শিৱসাগৰ), গুণজিত কাশ্যপ (গুৱাহাটী), হিমাশ্ৰী কাকতি (গুৱাহাটী), কৰিণা বৰা (গুৱাহাটী), কৃত্তিকা বসন্ত (গুৱাহাটী). চাজন হাজৰিকা (নগাওঁ), সমন্বয় কুমাৰ শৰ্মা (নগাওঁ), দীপশিখা দাস (শুৱালকুছি), প্ৰয়াস শৰ্মা (যোৰহাট)।