কলিয়াবৰৰ শিলঘাটত ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়া ৰোধৰ বাবে এছিয়ান ডেভলপমেন্ট বেংকৰ পৰা প্ৰায় ৩৭শ কোটি টকা অসম চৰকাৰে লাভ কৰাৰ কথা শুক্ৰবাৰে ঘোষণা কৰে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই। এই ধনেৰে শিলঘাটত এবছৰৰ ভিতৰত গড়াখহনীয়া ৰোধৰ আঁচনি গ্ৰহণ কৰা হৈছে বুলিও সদৰি কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত উপস্থিত হৈ চৰকাৰী বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হৈছিল মন্ত্ৰীগৰাকী।
ৰাজ্যখনৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট সম্পৰ্কত মন্ত্ৰী হাজৰিকাই কয় যে, অসমত লাহে লাহে কংগ্ৰেছ দলটো নাইকিয়া হৈ গৈছে। ৰাজীৱ ভৱনটো ব্যৱসায়িক ভৱন হ’লে ভাড়া দি অন্ততঃ দলটো চলিব পাৰিব। লাহে লাহে কংগ্ৰেছৰ ভোট আপ, এআইইউডিএফ, এজেপিয়ে লৈ লৈছে বুলি তেওঁ কয়।