শেহতীয়াকৈ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই আহোম সম্প্ৰদায়ৰ ‘গগৈ’ উপাধিটোক লৈ বতৰ্কিত টুইট কৰাৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। উল্লেখ্য যে, সাংসদ মহুৱা মৈত্ৰই সংসদত যৌন আতিশায্য শব্দৰ পৰিৱৰ্তে ‘Mr Gogoi’ শব্দ ব্যৱহাৰ কৰিবলৈ উপদেশ দি এটা টুইট কৰিছিল ৷ উক্ত বিতৰ্কিত টুইটৰ পিছতে অসমৰ বিভিন্ন স্থানত মহুৱা মৈত্ৰক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী উত্থাপিত হৈছে।
কিন্তু তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ মতে, সাংসদ মহুৱা মৈত্ৰয়ে ‘Mr. Gogoi’ বুলি কোনো জনগোষ্ঠীক উদ্দেশ্য কৰি কোৱা নাছিল, এজন গগৈ উপাধিৰ ব্যাক্তিক টাৰ্গেট কৰি কৈছিল আৰু সেইজন ব্যক্তি ৰাজ্যসভাৰ মনোনীত সদস্য মিষ্টাৰ ৰঞ্জন গগৈ৷
ৰিপুন বৰাই ৰাজ্যত শেহতীয়া টুইটক লৈ হোৱা বিতৰ্কৰ বিষয়ে দলৰ নেত্ৰী মমতা বেনাৰ্জীক অৱগত কৰাৰ পিছত সাংসদ মৈত্ৰয়ে পুনৰ টুইট কৰি স্পষ্ট কৰি দিছে। গতিকে বিষয়টো লৈ বিতৰ্ক নতুবা হৈ-চৈ কৰাৰ কাৰণ নাই৷ আনহাতে দলৰ নেত্ৰী সুস্মিতা দেৱে বিষয়টো লৈ বিজেপিয়ে বিতৰ্ক সৃষ্টি কৰা বুলি উল্লেখ কৰি তৃণমূল কংগ্ৰেছে অসমৰ প্ৰতিটো জনগোষ্ঠী আৰু ধৰ্মকে সন্মান কৰে বুলি মন্তব্য কৰে ৷