• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

১১ৰ পৰা ১৭ জানুৱাৰীলৈ ৰাজ্যত পথ-সুৰক্ষা সপ্তাহ

পৰিবহণ বিভাগৰ ব্যাপক তৎপৰতা

নিউজ ডেস্ক by নিউজ ডেস্ক
January 13, 2023
in ৰাজনীতি, অসম, গুৱাহাটী
1 min read
0
১১ৰ পৰা ১৭ জানুৱাৰীলৈ ৰাজ্যত পথ-সুৰক্ষা সপ্তাহ
Share on FacebookShare on Twitter

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ১১জানুৱাৰীৰ পৰা ১৭জানুৱাৰীলৈ পথ-সুৰক্ষা সপ্তাহ পালন কৰিছে পৰিবহণ বিভাগে৷ এই সন্দৰ্ভত পৰিবহণ বিভাগৰ সচিব তথা আয়ুক্ত আদিল খানে ইতিমধ্যে অসমৰ জিলাসমূহৰ উপায়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ, জিলা পৰিবহণ বিষয়াকে ধৰি পথ-সুৰক্ষাৰ লগত জড়িত বিভাগসমূহৰ দায়িত্ববাহী বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰি সকলোকে একেলগ হৈ পথ সুৰক্ষা সপ্তাহ পালনৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাৰ লগত সঙ্গতি ৰাখি ভাৰত চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰালয়ৰ পৰা দিয়া নিৰ্দেশনাত উল্লেখিত পথসুৰক্ষাৰ লগত জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহ উত্থাপনৰ বাবে “স্বচ্ছতা পখৱাৰা” অৰ্থাৎ পৰিস্কাৰ-পৰিচ্ছন্নতা পষেক শীৰ্ষক শ্ল’গান আৰম্ভ কৰাৰ কথাও পত্ৰখনত কোৱা হৈছে। স্বচ্ছতাই মানুহৰ সেৱা হোৱাৰ দৰে পথ সুৰক্ষা সপ্তাহটোত মানুহৰ মাজত ব্যাপক জনসচেতনতা গঢ়া কাৰ্যক সেৱাৰ মনোভাৱেৰে লৈ বিভাগসমূহক একলগ হৈ কাম কৰিছে৷ এনফৰ্চমেন্ট আৰু আৰক্ষীক লগ হৈ সজাগতা সৃষ্টিৰ ক্ষেত্ৰত আইনগত নীতি-নিয়ম সমূহ বিভিন্ন কৌশলৰে ডাঙি ধৰাৰ লগতে আইন ভঙ্গকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশনা দিয়াৰ উপৰি বিভিন্ন বিভাগ, সংস্থা, অট’মোবাইল হাউচ আদিয়ে গ্ৰহণ কৰিবলগীয়া সজাগতামূলক কাম সন্দৰ্ভত অৱগত কৰা হৈছে।

বিশেষকৈ ৰোড ইঞ্জিনিয়াৰিং বিভাগসমূহক পথৰ চাইনবৰ্ড, সাংকেতিক চিহ্নকে ধৰি পথসুৰক্ষাৰ ক্ষেত্ৰত থাকিবলগীয়া নীতি-নিয়মসমূহ স্পষ্টকৈ প্ৰদৰ্শন কৰি পথচাৰী, যান-বাহন ব্যৱহাৰকাৰীয়ে সহজতে বুজিব পৰাৰ ব্যৱস্থা কৰিছে। এই পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত আজি ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) গৌতম দাসৰ নেতৃত্বত, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস, আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম আৰু যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰৰ উপস্থিতিত সকলো চিটিবাছ সংস্থা, অটো চালক সংস্থা, অটোমোবাইল হাউচ আৰু ডিলাৰ সমূহৰ নেতৃত্বৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰি আগন্তুক পথ- সুৰক্ষা সপ্তাহৰ সময়খিনিত কামৰূপ মহানগৰ জিলাত পালন কৰিবলগীয়া বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় ৷ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জনায় যে ১১জানুৱাৰীত মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত পথ-সুৰক্ষা সপ্তাহৰ কাৰ্যসূচী মুকলি হোৱাৰ পিছতে অনান্য দিনসমূহত চালকৰ বাবে চকু পৰীক্ষা শিবিৰ, স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে চিত্ৰাংকন, তৰ্ক প্ৰতিযোগিতা, পথ সুৰক্ষা বিষয়ক নাটক আদি পৰিবেশন কৰাৰ লগতে মাৰাথন দৌৰ, বাইক ৰেলী, বিভিন্ন ৰাজহুৱা স্থানত বেনাৰ-পোষ্টাৰ লগাই সজাগত-সুৰক্ষাৰ বাণী প্ৰচাৰ, ৰাজহুৱা আৰু ব্যৱসায়িক অঞ্চলৰ জনসমাবেশত চালক, কণ্ডাক্টৰৰ মাজত সজাগতা সৃষ্টিৰ উপৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত প্ৰশিক্ষণ আদি অনুষ্ঠিত হব ৷ একেদৰে যানবাহন চালনাত মানি চলিবলগীয়া “পঞ্চসূত্ৰ”ৰ নিয়মসমূহ যেনে দুচকীয়া বাহন চলাওঁতে চালক -আৰোহী উভয়ে হেলমেট, চাৰিচকীয়া বাহনত ছীটবেল্ট পৰিধান কৰা, যানবাহন চালনাত অত্যাধীক গতি পৰিহাৰ কৰা, সুৰাপান কৰি যানবাহন নচলোৱা আৰু যানবাহন চলাওঁতে ম’বাইল ফোন ব্যৱহাৰ নকৰিবলৈ সকলোকে অনুৰোধ জনোৱাৰ লগতে এই নিয়মসমূহৰ ক্ষেত্ৰত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত ব্যাপক জনসচেতনতা গঢ়ি তুলি পথসুৰক্ষা সপ্তাহৰ কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰিবলৈ সভাত উপস্থিত থকা সকলোৰে প্ৰতি আহ্বান জনায় ৷

Previous Post

গ্ৰন্থমেলাত তিনিগৰাকী সাংবাদিকৰ গ্ৰন্থ উন্মোচন

Next Post

বৰঝাৰ বিমানবন্দৰত ই-ভি চাৰ্জিং পইন্ট উদ্ধোধন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
বৰঝাৰ বিমানবন্দৰত ই-ভি চাৰ্জিং পইন্ট উদ্ধোধন

বৰঝাৰ বিমানবন্দৰত ই-ভি চাৰ্জিং পইন্ট উদ্ধোধন

পদোন্নতি আৰু নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দাবী বন কৰ্মচাৰী সন্থাৰ

পদোন্নতি আৰু নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দাবী বন কৰ্মচাৰী সন্থাৰ

উত্তৰ-পূব মাণ্ডলীক যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সফলতা

উত্তৰ-পূব মাণ্ডলীক যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সফলতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8