পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰী অৰ্পিতা মুখাৰ্জীৰ ঘৰত বুধবাৰে পুনৰ ১৫ কোটি টকা উদ্ধাৰ কৰিলে এনফোৰ্চমেণ্ট সঞ্চালকালয়ে চমুকৈ ED য়ে। ইয়াকে ধৰি বৰ্তমানলৈকে অৰ্পিতা মুখাৰ্জীৰ ঘৰত জব্দ কৰা মুঠ টকাৰ পৰিমাণ ৩৫ কোটি টকালৈ বৃদ্ধি হয়। ইয়াৰ পূৰ্বে শনিবাৰে ২০ কোটি টকা জব্দ কৰিছিল EDয়ে।
ইতিমধ্যে অৰ্পিতা মুখাৰ্জীৰ এটা ঘৰ ছীল কৰি দিয়ে এনফোৰ্চমেণ্ট সঞ্চালকালয়ে।
উল্লেখ্য পশ্চিমবংগৰ শিক্ষা বিভাগৰ নিযুক্তি কেলেংকাৰীত প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জী বিৰুদ্ধে এনফোৰ্চমেণ্ট সঞ্চালকালয়ে অভিযান চলোৱাৰ সময়তে মন্ত্ৰীগৰাকীৰ ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জীৰ ঘৰত মুঠ ৩৫ কোটি টকা জব্দ কৰিছে EDয়ে।