• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

হাইকৰ্টক অমান্য! জলসম্পদ বিভাগৰ ৬৩ টকা সহকাৰী অভিযন্তা পদৰ ফলাফল ঘোষণা

নিউজ ডেস্ক by নিউজ ডেস্ক
May 9, 2022
in ৰাজনীতি, অসম, সংবাদ
1 min read
0
হাইকৰ্টক অমান্য! জলসম্পদ বিভাগৰ ৬৩ টকা সহকাৰী অভিযন্তা পদৰ ফলাফল ঘোষণা
Share on FacebookShare on Twitter

ৰাজ্যত এক লাখ নিবনুৱাক নিযুক্তি দিয়াৰ চৰকাৰৰ প্ৰতিশ্ৰুতিৰ মাজতে বাছনি প্ৰক্ৰিয়াৰ নামত জলসম্পদ বিভাগত সংঘটিত হৈছে আজৱ কাণ্ড। আদালতৰ নিৰ্দেশ অৱমাননা কৰি অসম চৰকাৰৰ জলসম্পদ বিভাগে শণিবাৰে ঘোষণা কৰিলে ৬৩ টাকৈ সহকাৰী অভিযন্তা (চিভিল) পদৰ ফলাফল। স্বয়ং গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশক উলংঘা কৰি জলসম্পদ বিভাগে সহকাৰী অভিযন্তা পদৰ ফলাফল ঘোষণা কৰাক লৈ মেধাৱী প্ৰাৰ্থীৰ মাজত হাহাকাৰ লাগিছে। কেইবাজনো প্রার্থীয়ে তৰা গোচৰত সহকাৰী অভিযন্তা পদৰ ফলাফল ঘোষণা কৰিব নোৱাৰিব বুলি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ স্পষ্ট নিৰ্দেশনা থকাৰ পিচতো কেনেদৰে জলসম্পদ বিভাগে শণিবাৰে ফলাফল ঘোষণা কৰিলে তাক লৈ বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে ২০২১ চনৰ ১৯ জুলাইত জলসম্পদ বিভাগে ৬৩ টা সহকাৰী অভিযন্তা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল। ১২,৭০০ টকাৰ গ্ৰেড পে’সহ ৩০,০০০ টকাৰ পৰা ১,১০,০০ টকাৰ দৰমহা গাঁথনি দেখি উচ্চশিক্ষিত নিবনুৱাসকল যথেষ্ট উৎসাহিত হৈ পৰিছিল। কিন্তু নিযুক্তিৰ বিজ্ঞাপনত জলসম্পদ বিভাগে এনে কেতবোৰ পদ্ধতি গ্ৰহণ কৰে, যাক লৈ কার্যতঃ হতাশ হৈ পৰে বহু নিবনুৱা যুৱক-যুৱতী। কিয়নো লিখিত পৰীক্ষা অনুষ্ঠিত কৰি উপযুক্ত প্রার্থী বাছনি কৰাৰ পৰিৱৰ্তে বিভাগে গ্ৰহণ কৰে শ্ৰেণী বা ডিগ্ৰীত লাভ কৰা নম্বৰৰ ভিত্তিত প্রার্থী বাছনি পদ্ধতি। নিযুক্তিৰ বিজ্ঞাপনত উল্লেখ থকা অনুসৰি সহকাৰী অভিযন্তা পদৰ প্ৰাৰ্থী বাছনিৰ পদ্ধতি হ’ব মেট্ৰিকৰ বাবে দহ শতাংশ, উচ্চতৰ মাধ্যমিকৰ বাবে বিশ শতাংশ আৰু অভিযান্ত্ৰিক ডিগ্ৰীৰ বাবে ৭০ শতাংশ। অর্থাৎ এই তিনিওটা পৰীক্ষাত সৰ্বাধিক নম্বৰ বা শতাংশ লাভ কৰা প্রার্থীসকলকেই পোনপটীয়াকৈ বাছনি কৰাৰ পদ্ধতি গ্ৰহণ কৰে জলসম্পদ বিভাগে। লিখিত পৰীক্ষা অবিহনেই জলসম্পদ বিভাগে গ্রহণ কৰা প্ৰাৰ্থী বাছনিৰ এনে পদ্ধতিক লৈয়ে একাংশ প্ৰাৰ্থী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়।

এইখিনিতে উল্লেখ কৰিব পাৰি যে, নিয়ম অনুসৰি জলসম্পদ বিভাগৰ এই ৬৩ টা পদৰ নিযুক্তি প্রক্রিয়া অসম লোকসেৱা আয়োগৰ অধীনত (APSC) পৰিচালিত হ’ব লাগে। কিন্তু ক’ভিড মহামাৰীৰ বিভীষিকাৰ বাবে APSCয়ে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বহু সময় লোৱাত অসম চৰকাৰে নিজাববীয়াকৈ এই ৬৩ টা সহকাৰী অভিযন্তা পদৰ বাছনি প্রক্রিয়া অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। সাধাৰণতে APSCয়ে নিযুক্তি প্রক্রিয়াত লিখিত পৰীক্ষা আৰু মৌখিক পৰীক্ষাৰ জৰিয়তে প্রার্থী বাছনি কৰি আহিছে।

কিন্তু APSCৰ পৰীক্ষা পদ্ধতিৰ বিপৰীত মেৰুত অৱস্থান লৈ অসম চৰকাৰৰ জলসম্পদ বিভাগে নম্বৰ, শতাংশৰ ভিত্তিত প্রার্থী বাছনিৰ পদ্ধতি গ্ৰহণ কৰে। ইয়াকে লৈ কেইবাজনো প্ৰাৰ্থীয়ে তৰা গোচৰৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশ সৌমিত্র শ‍ইকীয়াৰ খণ্ড বিচাৰপীঠে ২০২১ চনৰ ২০ ডিচেম্বৰত জলসম্পদ বিভাগে ১০ বিজ্ঞাপন অনুসৰি ৬৩ টা সহকাৰী অভিযন্তা পদৰ ফলাফল ঘোষণা কৰিব চলৰ নোৱাৰিব বুলি এক গুৰুত্বপূর্ণ নির্দেশনা প্রদান কৰে। সেইদিনা অনুষ্ঠিত শুনানিত ওচৰীয়াসকলৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তা উৎপল বিদ্যুৎ শৰ্মাই ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰিছিল যে অসম ৰাজ্যিক দুর্যোগ ব্যবস্থাপনা প্ৰাধিকৰণে প্রার্থী ২০২১ চনৰ ১৩ জুলাইত প্ৰকাশ কৰা জাননী অনুসৰি নিযুক্তি আৰু উচ্চ শিক্ষাৰ প্ৰৱেশ পৰীক্ষা পতাত কোনো বাধা নাছিল। কিন্তু এনে জাননীৰ পিচতো ২০২১ চনৰ ১৯ জুলাইত জলসম্পদ বিভাগে বিজ্ঞাপন প্ৰকাশ কৰি নম্বৰৰ ভিত্তিত বাছনি প্রক্রিয়া চলোৱাৰ নীতি গ্ৰহণ কৰে।

ইয়াৰ পিচতে উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে সহকাৰী অভিযস্তা পদৰ ফলাফল ঘোষণাত বাধা নিষেধ আৰোপ কৰে। কেৱল সেয়ে নহয়, চলিত বৰ্ষৰ ৭ জানুৱাৰীত উক্ত গোচৰ সংক্রান্তত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে পৰৱর্তী নির্দেশ  নিদিয়া পর্যন্ত ফলাফল ঘোষণা কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে। লক্ষণীয়ভাৱে, উচ্চ ন্যায়ালয়ৰ এনে স্পষ্ট নির্দেশনা থকাৰ পিছতো জলসম্পদ বিভাগে শণিবাৰে সহকাৰী অভিযন্তা পদৰ ফলাফল ঘোষণা কৰাত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনকি বাতৰি কাকততো এই ফলাফল ঘোষণা কৰি অহা ১০ মে’ৰ পৰা নথি-পত্ৰ পৰীক্ষাত উপস্থিত থাকিবলৈ কোৱা হৈছে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক উলংঘা কৰি কেনেদৰে বিভাগে ফলাফল ঘোষণা কৰিলে বুলি বহু বঞ্চিত প্রার্থীয়ে ক্ষোভ প্ৰকাশ কৰিছে।

Previous Post

পূৱ ইউক্ৰেইনৰ বিদ্যালয়ত ৰাছিয়াৰ আক্ৰমণ! ৬০ জন নিহত

Next Post

বিশ্বকাপৰ ছেমিফাইনেলৰ পূৰ্বে নিষিদ্ধ বেজী লৈছিল এইগৰাকী পাকিস্তানী ক্ৰিকেটাৰে

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
বিশ্বকাপৰ ছেমিফাইনেলৰ পূৰ্বে নিষিদ্ধ বেজী লৈছিল এইগৰাকী পাকিস্তানী ক্ৰিকেটাৰে

বিশ্বকাপৰ ছেমিফাইনেলৰ পূৰ্বে নিষিদ্ধ বেজী লৈছিল এইগৰাকী পাকিস্তানী ক্ৰিকেটাৰে

অসম ক্ৰিকেট এছ’চিয়েচনৰ নিযুক্তি কেইবাটাও পদ খালী

অসম ক্ৰিকেট এছ'চিয়েচনৰ নিযুক্তি কেইবাটাও পদ খালী

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8