ইউক্রেইন যুদ্ধৰ মাজতে পাশ্চাত্যৰ দেশসমূহৰ সৈতে ৰাছিয়াৰ মতানৈক্য তীব্ৰতৰ হৈ পৰিছে। ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ পিছৰে পৰা আমেৰিকা আৰু ইউৰোপীয় দেশসমূহে ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰি থকাৰ সময়তে ৰাছিয়াও অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ ৰাছিয়াই ১৬৩গৰাকী আমেৰিকান নাগৰিকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে মস্কো প্ৰশাসনে।
এই আমেৰিকান লোকসকলৰ ভিতৰত আছে দেশখনৰ ৰাষ্ট্ৰপতি জ’ বাইডেন, উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ, বিদেশ সচিব এন্টনী ৰিংকেন তথা হলীউডৰ বহু অভিনেতা-অভিনেত্রী। তালিকাত হলীউডৰ অভিনেতা মর্গান ফ্রিমেন, বব বিনাৰ প্ৰমুখ্যে বহু কলা-কুশলী আছে। সংবাদ সংস্থা CNN এ সদৰী কৰিছে এই তালিকা। স্মর্তব্য যে ইয়াৰ পূৰ্বে বহু ৰুছ ধনকুবেৰ তথা ৰাজনৈতিক নেতাৰ ইউৰোপ আৰু আমেৰিকা ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।