ভাৰতীয় নাগৰিক সকলক সুৰক্ষিত ভাৱে উদ্ধাৰ কৰিবৰ বাবে ৬ ঘন্টা যুদ্ধ স্থগিত ৰাখিবলৈ অনুৰোধ জনাব পাৰে ৰাছিয়াক। উল্লেখ্য যে, ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক উদ্ধাৰৰ বাবে বহু চেষ্টা চলাই আহিছে ভাৰত চৰকাৰে।ইয়াৰ মাজতে, খাৰকীভত আৱদ্ধ হৈ থকা ভাৰতীয়ক উদ্ধাৰ কৰাৰ বাবে ৰাছিয়াই ৬ ঘন্টা যুদ্ধ স্থগিত ৰাখিলে আৱদ্ধ হোৱা লোকখিনি অন্য দেশৰ সীমান্ত অথবা সুৰক্ষিত ঠাইলৈ লৈ যোৱাৰ বাবে ভাৰতে সময় পাব।
উল্লেখ্য যে, ইউক্ৰেইনৰ চহৰ খাৰকিভত এতিয়াও আৱদ্ধ হৈ আছে বহু ভাৰতীয় নাগৰিক। খবৰ অনুসৰি সেই ঠাইৰ পৰা ভাৰতীয় নাগৰিক সকলক ওলাই অহাত বাধা আৰোপ কৰিছে একাংশই। তাৰ মাজতে বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতীয় সকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ বিষয়ত আলোচনা কৰে।
তদুপৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে আশ্বাসো দিয়ে যে ভাৰতীয় নাগৰিকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাত যৎপৰোনাস্তি সহায় কৰিব।