আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে NATOৰ মিত্ৰশক্তিৰ প্ৰত্যেক ইঞ্চি ভূমি সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দিছে। এটা বিবৃতিত বাইডেনে কৈছে যে, অনুচ্ছেদ ৫ ৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি অতি শক্তিশালী আৰু নাটোৰ মিত্ৰশক্তিক সমৰ্থন কৰিবলৈ আমেৰিকাৰ সামৰিক সামৰ্থ্য বৃদ্ধি কৰিবলৈ অতিৰিক্ত সৈন্য মোতায়েনৰ নিৰ্দেশ দিয়া হৈছে। বাইডেনে আন এক বিবৃতিত কয় যে, আমেৰিকাৰ নিকটতম মিত্ৰ দেশ ছুইডেন, ফিনলেণ্ড আৰু ইউৰোপীয় ইউনিয়নৰ সৈতে একত্ৰিত। সেয়েহে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পশ্চিমক বিভক্ত কৰাৰ লক্ষ্যত ব্যৰ্থ হৈছে।
উল্লেখ্য যে, ৰাছিয়াৰ আক্ৰমণৰ পিছতে, আমেৰিকাই ইয়াৰ নাটো মিত্ৰশক্তিক সুৰক্ষা দিবলৈ অতিৰিক্ত সৈন্য মোতায়েন কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যৰ এই নিয়োজন বিশেষকৈ পূৱ ইউৰোপীয় দেশসমূহত কৰা হৈছে। আমেৰিকাই যোৱা বছৰ ইউক্ৰেইনক ৬৫০ নিযুত আমেৰিকান ডলাৰৰ অধিক প্ৰতিৰক্ষা সাহায্য দিছিল। বাইডেনে অলপতে হোৱাইট হাউচত কৈছে যে “আমি আমাৰ নাটো মিত্ৰশক্তিক, বিশেষকৈ পূবত সুৰক্ষা দিবলৈ পদক্ষেপ গ্ৰহণ কৰি আছো।” বাইডেনে কয় যে নাটো সন্মিলনত আমি আমাৰ সংহতি প্ৰদৰ্শন কৰিম। এই ক্ষেত্ৰত পৰৱৰ্তী পদক্ষেপটো নাটো মিত্ৰজোঁটৰ দ্বাৰা বিবেচনা কৰা হ’ব। ইয়াৰ লগতে নাটোক অধিক শক্তিশালী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব।
হোৱাইট হাউছে জনাইছে যে ইউক্ৰেইনৰ বৰ্তমানৰ সংকটৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ৰাছিয়াৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ কথা আলোচনা কৰাৰ লগতে ইউক্ৰেইনৰ প্ৰতিৰক্ষাত সহায় আৰু যুদ্ধ বিৰোধী মিত্ৰতাৰ ওপৰতো আলোচনা কৰিছে।