গুৱাহাটীৰ বেতকুছিস্থিত উত্তৰ পূব দক্ষতা বিকাশ মিছন কেন্দ্ৰ চৌহদত ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত স্থাপন কৰা উত্তৰ-পূব সামুদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰটো শনিবাৰে সন্ধিয়া পৰিদৰ্শন কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পৰিদৰ্শন কালত সৰ্বানন্দ সোণোৱালে সংশ্লিষ্ট বিষয়াসকল তথা ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ, অসম প্ৰান্তৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়।
উত্তৰ-পূব অঞ্চলৰ যুৱপ্ৰজন্মই যাতে সুপ্ৰশিক্ষণৰ জৰিয়তে সামুদ্ৰিক খণ্ডত পাৰদৰ্শিতা দাঙি ধৰিব পাৰে, তাৰ বাবে যাৱতীয় ব্যৱস্থা ত্বৰান্বিত কৰিবলৈ বিষয়াসকলক তেওঁ নিৰ্দেশ দিয়ে। তদুপৰি, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডৰ শেহতীয়া বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰো তেওঁ বুজ লয়। পৰিদৰ্শন কালত ভাৰতীয় আভ্যন্তৰিণ জলপথ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ সঞ্চালক প্ৰবীণ বৰা, উপ সঞ্চালক কে কে চাহুকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা উপস্থিত আছিল।