সপ্তাহ ধৰি ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ চলি থকাৰ মাজতেই দ্বিতীয় পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব দেশ দুখনৰ মাজত। খবৰ অনুসৰি বুধবাৰে দ্বিতীয় পৰ্যায়ৰ আলোচনৰা বাবে সন্মত হৈছে ৰাছিয়া। ইয়াৰ পূ্ৰ্বে সোমবাৰে দেশ দুখনৰ মাজত আলোচনা হৈছিল যদিও কোনো ধৰণৰ সমাধান নোলাল।
বুধবাৰে ইউক্ৰেইনৰ দক্ষিণ-পূব বন্দৰ চহৰ মাৰিয়পোলৰ গুলীবৰ্ষণ, আৰু দক্ষিণৰ খেৰচন চহৰ দখল কৰাৰ দাবী কৰিছে ৰাছিয়াই।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে মঙলবাৰে হোৱা এটা বোমা বিস্ফোৰণৰ কথা উল্লেখ কৰি কয় যে এয়া অমানৱতাৰ। এনেধৰণৰ মিছাইল আক্ৰমণৰ অৰ্থ হৈছে যে ৰাছিয়াই কিয়েভ চহৰখন সম্পূৰ্ণ ধ্বংস হোৱাটো বিছাৰিছে। ইউক্ৰেইনৰ ইতিহাস মচি পেলাবলৈ আদেশ দিছে।”
উল্লেখ্য যে, ৰাছিয়াৰ সৈন্যই এফালৰ পৰা ধ্বংস কৰি গৈছে ইউক্ৰেইনৰ চহৰ। এইবাৰ হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ আলোচনাই কেনেধৰণৰ সমাধান সূত্ৰ উলিয়াই তাত বিশ্ববাসীৰ দৃষ্টি থাকিব।