অশান্ত হৈ পৰা মণিপুৰৰ গৃহ বিভাগৰ বিশেষ সচিব এইছ জ্ঞান প্ৰকাশৰ নিৰ্দেশত শনিবাৰৰ পৰা বিচ্ছিন্ন কৰা হৈছে মণিপুৰৰ ইন্টাৰনেট সেৱা। তৎকালীনভাৱে আৰোপ কৰা হ’ল ১৪৪ ধাৰা।
উল্লেখ্য যে, মণিপুৰৰ পাহাৰীয়া জিলাসমূহক স্বায়ত্তশাসিত জিলা ৰূপে ঘোষণা কৰিবলৈ সদৌ মণিপুৰ জনজাতীয় ছাত্ৰ সন্থাই লোৱা এক প্ৰতিবাদী কাৰ্যসূচীৰ মাজতেই ৰাজ্যখনত অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰিছিল সদৌ মণিপুৰ জনজাতীয় ছাত্ৰ সন্থাই। ইয়াৰ ফলস্বৰুপেই ৰাজ্যখনত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰু যান-বাহনৰ চলাচল ব্যাহত হয়।
ইয়াৰ মাজতে, মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ অন্তৰ্গত ফৌগাকচো খাঙত তিনি-চাৰিজন ব্যক্তিৰ এটা দলে ব্যক্তিগত বাহন এখনত অগ্নি সংযোগ কৰাৰ ফলত পৰিস্থিতি অধিক অৱনতি হয়। ইন্টাৰনেটৰ জৰিয়তে সমাজ-বিদ্বেষী কিছু ব্যক্তিয়ে এই প্ৰতিবাদৰ আঁৰত এনে হিংসাত্মক কাৰ্য-কলাপ সংঘটিত কৰি অহাৰ সন্দেহত ইন্টাৰনেট সেৱা ব্যাহত কৰি দিয়ে মণিপুৰ চৰকাৰে। উল্লেখ্য যে, এতিয়ালৈ প্ৰায় ৩০ জনকৈ ছাত্ৰ নেতা এই প্ৰতিবাদৰ বাবে আঘাতপ্ৰাপ্ত হোৱাৰ উপৰিও ৰাজ্যখনৰ আৰক্ষীয়ে হিংসাত্মক কাৰ্য-কলাপত জড়িত থকাৰ অভিযোগত ৫ জন ছাত্ৰনেতাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।