ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মূক NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছত কেন্দ্ৰই তেওঁক জেড+ শ্ৰেণীৰ নিৰাপত্তা আৱৰণ প্ৰদান কৰিছে। সশস্ত্ৰ কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) দ্বাৰা তেওঁ চব্বিশ ঘণ্টা জেড+ শ্ৰেণীৰ নিৰাপত্তা আৱৰণ লাভ কৰিব। তথ্য অনুসৰি বুধবাৰে পুৱা ৬৪ বছৰীয়া মুৰ্মূৰ নিৰাপত্তাৰ দায়িত্ব সশস্ত্ৰ দলটোৱে গ্ৰহণ কৰে।
মুৰ্মূৱে কয়,””মই আচৰিত হোৱাৰ লগতে আনন্দিত। দূৰৱৰ্তী ময়ূৰভঞ্জ জিলাৰ এগৰাকী জনজাতীয় মহিলা হিচাপে, মই শীৰ্ষ পদৰ প্ৰাৰ্থী হোৱাৰ কথা ভবা নাছিলো। NDA চৰকাৰে এতিয়া শীৰ্ষ পদৰ বাবে এগৰাকী জনজাতীয় মহিলা বাছনি কৰি বিজেপিৰ “সব কা সাথ, সব কা বিশ্বাস” শ্লোগান প্ৰমাণ কৰিছে।”
উল্লেখ্য যে,ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’লে, দ্ৰৌপদী মুৰ্মূ ভাৰতৰ প্ৰথম জনজাতীয় ৰাষ্ট্ৰপতি আৰু দ্বিতীয় মহিলা ৰাষ্ট্ৰপতি হিচাপে পৰিচিত হ’ব। তদুপৰি তেওঁ উৰিষ্যাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতিও হ’ব।