ভুৱা বাতৰি আৰু ভাৰতবিৰোধী প্ৰচাৰৰ বাবে ২০টা ইউটিউব চেনেল আৰু দুটা ৱেবছাইট বন্ধ কৰাৰ কেইদিনমান পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে কৈছে যে চৰকাৰে দেশৰ বিৰুদ্ধে ‘ষড়যন্ত্ৰকাৰী’ৰ বিৰুদ্ধে এনে ধৰণৰ ব্যৱস্থা অব্যাহত ৰাখিব৷
বিষয়টো সন্দৰ্ভত ঠাকুৰে সাংবাদিকক কৈছিল, ‘মই তেওঁৰ (নিৰ্দিষ্ট ইউটিউব চেনেল) বিৰুদ্ধে ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছিলোঁ। মই সুখী যে পৃথিৱীৰ বহুতো দেশে ইয়াক বিবেচনা কৰিছিল। ইউটিউবেও আগবাঢ়ি আহিছিল আৰু তেওঁলোকক বাধা দিবলৈ পদক্ষেপ লৈছিল। জানিব পৰা গৈছে যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে যোৱাবছৰ ডিচেম্বৰত ২০ টা ইউটিউব চেনেল আৰু দুটা ৱেবছাইট চোৰাংচোৱা সংস্থাৰ সৈতে সমন্বিত প্ৰচেষ্টাত বন্ধ কৰাৰ নিৰ্দেশ দিছিল৷ তেওঁ লগতে কয়,‘আমি ভৱিষ্যতেও সমাজক বিভাজন কৰা এনে যিকোনো ষড়যন্ত্ৰ, মিছা প্ৰচাৰ বন্ধ কৰাৰ বাবে ব্যৱস্থা লোৱা হ’ব৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে পূৰ্বে এক বিবৃতিযোগে কৈছিল যে এই ইউটিউব চেনেলবোৰ কাশ্মীৰ, ভাৰতীয় সেনা, ভাৰতৰ সংখ্যালঘু সম্প্ৰদায়, ৰাম মন্দিৰ, জেনেৰেল বিপিন ৰাৱট আদি বিষয়ত সমন্বিতভাৱে বিভাজনমূলক পোষ্ট কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া ২০ টা ইউটিউব চেনেলৰ ভিতৰত আছে দ্য পাঞ্চ লাইন, ইণ্টাৰনেচনেল ৱেব নিউজ, খালচা টিভি, দ্য পাৰফেক্ট ট্ৰুথ, নিউজ ২৪, ৪৮ নিউজ, কাল্পনিক ঐতিহাসিক তথ্য, পাঞ্জাৱ ভাইৰেল, নিউ পাকিস্তান গ্লোবেল আৰু কভাৰ ষ্ট’ৰী।
ইউটিউব চেনেলৰ উপৰিও কে গ্লোবেল আৰু কে ৱাচ ৱেবছাইটসমূহ সম্পূৰ্ণৰূপে অৱৰোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণায়ৰ মন্ত্ৰী অনুৰাগ ঠাকুৰৰ শেহতীয়া মন্তব্যই এতিয়া দেশত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ মন্ত্ৰীগৰাকীয়ে কোৱা অনুসৰি, অনলাইন মাধ্যমত দেশবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱস্থা লোৱা হ’ব বুলি সদৰি কৰিছে৷ এতিয়া বিভিন্ন সামাজিক মাধ্যমত বহুজনে প্ৰশ্ন উত্থাপন কৰিছে যে, কেন্দ্ৰীয় চৰকাৰে পোনতে দেশ আৰু ৰাষ্ট্ৰৰ সংজ্ঞাটো স্পষ্টকৈ নিৰূপণ কৰা ভাল৷ কিয়নো, বিগত সময়ছোৱাত চৰকাৰৰ ভুল নীতি আৰু কাৰ্যক বিৰোধিতা কৰা বাবে দেশজুৰি বহুজনৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু হৈছে৷